গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ পানীয় গ্ৰহণ কৰাৰ প্ৰৱণতাও বাঢ়ি যায় । পিয়াহ দূৰ কৰাৰ উদ্দেশ্যে বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ ৰঙীণ ৰঙা,নীলা,হালধীয়া শীতল পানীয়বোৰ ব্যৱহাৰ কৰা দেখা পোৱা যায় । কিন্তু এই কৃত্ৰিম পানীয় বোৰৰ দ্বাৰা পিয়াহ গুচিলেও শৰীৰটোক বেচিকৈ অপকাৰ হে কৰে ।
প্ৰকৃতিৰ কিছুমান অমূল্য দান জীৱকূলৰ বাবে বহুত প্ৰয়োজনীয় । ডাব নাৰিকলৰ পানী প্ৰকৃতিগত ভাৱে লাভ কৰা এবিধ উত্তম পানীয়। গৰমৰ দিনত স্বাস্থ্য ভালে ৰাখিবৰ বাবে ডাবৰ পানী অতি উপকাৰী । কঠিন আৱৰণৰ ভিতৰত থকা এই পানীটুপি কোনো কাৰণতে বজাৰৰ শীতল পানীয়ৰ লগত তুলনা নহয়।
ডাব নাৰিকলৰ পানীৰ স্বাস্থ্য ক্ষেত্ৰত বহুতো উপকাৰিতা আছে –
- গৰমৰ দিনত শৰীৰৰ ডিহাইড্ৰেছন দূৰ কৰাৰ বাবে ডাব নাৰিকলৰ পানী পান কৰিলে ভাল ফল পোৱা যায়।
- ডাবৰ পানীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।বেক্টেৰিয়েল তথা ভাইৰেল জনিত ৰোগৰ পৰা শৰীৰটোক ৰক্ষা কৰাৰ ক্ষেত্ৰত এই পানী অতি উপকাৰী ।
- এই পানী নিয়মিতভাৱে সেৱন কৰিলে মুখৰ দাগ , ভ্ৰুণ আদি নোহোৱা হয় ,মুখৰ উজ্বলতা বৃদ্ধি পায় আৰু দেহত ঘামচি নহয়।
- ডাব নাৰিকলৰ পানীয়ে বুকু জ্বলা পুৰা কৰা বা এচিডিটি আদিত সকাহ দিয়াৰ উপৰিও হজম শক্তি বৃদ্ধি কৰে। আনহাতে গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰিলে স্বাস্থ্যৰ পক্ষে সহায়ক হয় ।
- কোষ্ঠকাঠিন্য, গেচট্ৰিক, আলচাৰ, পাইলচ, ডিচেনট্ৰি , সঘনাই বমি হৈ থকা আদি সমস্যাবোৰৰ ক্ষেত্ৰত ডাব নাৰিকলৰ পানী অতি উপকাৰী । মানুহৰ কিডনি দুটাকো এই নাৰিকলৰ পানীয়ে ভিন্ন ৰোগৰ পৰা নিৰাপদে ৰাখিব পাৰে কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে মিনাৰেল, পটাচিয়াম আৰু মেগনেছিয়াম থাকে । লগতে ই বিভিন্ন ধৰণৰ ইনফেকচনৰ পৰাও মানৱ দেহাটিক সুৰক্ষিত কৰে।
- গ্ৰাম্য সমাজত ডাব নাৰিকলৰ পানী কলেৰা আৰু ডায়েৰীয়া ৰোগীৰ বাবে উত্তম পথ্য বুলি বিবেচিত হৈ আহিছে।
বজাৰত পোৱা কৃত্ৰিম অতিৰিক্ত কেলৰি আৰু চেনিযুক্ত ছফ্ট ড্ৰিংকচবোৰতকৈ প্ৰাকৃতিক ভাৱে পোৱা ডাব নাৰিকলৰ পানী বহু পৰিমাণে উৎকৃষ্ট। কাৰণ ইয়াত থকা উপকাৰী উপাদান বোৰে মানুহৰ শৰীৰ ভিতৰৰ পৰা সুস্থ কৰি ৰাখে।