আদা মছলা জাতীয় উদ্ভিদ। আদা গছ সাধাৰণতে এক মিটাৰ পৰ্যন্ত ওখ হয়। পাত বিলাক মিহি আৰু দীঘল। মাটিৰ তলত থকা অংশক কাণ্ড বোলা হয়। গা আৰু কাণ্ড ভাগ জ্বলা আৰু সুগন্ধিদায়ক। জিনজিৰ’ন আৰু শাগাঅল থকাৰ কাৰণে আদা জ্বলা হয়। আদা মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও আদাৰ আছে বহুতো ঔষধি গুণ-
১) আদা আহাৰ খোৱাৰ আগতে চোবাই খালে ভোক লগায়।
২) আদাই কণ্ঠ আৰু জিভা পৰিষ্কাৰ কৰে।
৩) আদাৰ ৰস দুই চামুচত এচামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ ৪/৫ দিন খালে মাত ভঙা ভাল হয়।
৪) আদাই বায়ু , ৰক্তপিত্ত , কাহ আদি ৰোগ নাশ কৰে।
৫) আদাৰ ৰসৰ লগত মৌ আৰু তুলসী ৰস সমপৰিমানে লৈ তাত তিনিটা জালুকৰ গুড়ি মিহলাই খালে কাহ আৰু পানী লগা ভাল হয়।
৬) বদহজম বা পেট কামোৰণি নাইবা পেটৰ বিভিন্ন ৰোগত আদাৰ ৰস ব্যৱহাৰ কৰি যথেষ্ট উপকাৰ পাব পাৰি।
৭) মুখৰ দুৰ্গন্ধ বন্ধ কৰিবলৈ , দাঁতৰ বিষ নাইকিয়া কৰিবলৈ আদা চোবাই খাব লাগে।
৮) কাণৰ গুৰি ফুলা ৰোগত আদা খুন্দি প্ৰলেপ দিলে ভাল হয়।
৯) আদাই দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।শৰীৰৰ উত্তাপ ঠিক ভাবে ৰখাত আদাই সহায় কৰে।
১০) আদাত যথেষ্ট পৰিমাণে লৌহ জাতীয় পদার্থ থাকে। সেয়েহে আদাই শৰীৰত তেজ উৎপন্ন হোৱাত সহায় কৰে।
১১) মূৰৰ বিষ আৰু মূৰ কামোৰণিত আদাৰ ৰস লগালে সুফল পোৱা যায়।
১২) আদা নিমখৰ সৈতে চোবাই খালে টনচিল ভাল হয়।
১৩) আদা পুষ্টিকৰ আৰু ৰুচিবৰ্ধক।
১৪) আদাই তেজ গোট মৰা ক্ষমতা অটুট ৰাখে।
১৫) কফ , পিত্ত আৰু জ্বৰত মৰাণ আদা উপকাৰী।