চৰকাৰী সূত্ৰে প্ৰকাশ কৰা অনুসৰি ভাৰতবৰ্ষত বৰ্তমান ৭৭ কোটি লোক মধুমেহ ৰোগত আক্ৰান্ত।বৰ্তমান সময়ত দৈনিক মধুমেহ ৰোগৰ ঔষধ সেৱন কৰি জীৱন অতিবাহিত কৰা লোকেই সৰহ।তেনেসময়তে বিজ্ঞানে আৱিষ্কাৰ কৰিছে যে কেচা কঠালৰ গুড়িয়ে এই নিৰৱ ঘাতক ৰূপী মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত বিশেষভাৱে সহায় কৰে।
বিজ্ঞানী সকলৰ এই পৰীক্ষাক এতিয়া স্বীকৃতি দিছে আমেৰিকাৰ মধুমেহ ৰোগ বিশেষজ্ঞ সন্থাই। বিশেষজ্ঞ সকলৰ মতে ভাৰতবৰ্ষত সহজে পোৱা অতিকৈ সোৱাদযুক্ত কঠাল হৈছে অতিকৈ পুষ্টিকৰ ফল। যিহেতু ইয়াত ভিটামিন এ ,চি, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে উপলব্ধ।
দৈনিক কঠাল খালে শৰীৰে অত্যাধিক শক্তি লাভ কৰাৰ লগতে ই মানুহৰ ৰোগ প্ৰতিৰোধ কৰাৰো ক্ষমতাও প্ৰদান কৰে। তেনেক্ষেত্ৰত বৰ্তমান বজাৰত উপলব্ধ কেচা কঠালৰ গুড়িৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে।বিশেষকৈ বিশেষজ্ঞ সকলৰ মতে কেচা কঠালৰ গুড়িয়ে মধুমেহ ৰোগ হোৱাত বাধা প্ৰদান কৰাৰ লগতে নিয়ন্ত্ৰণতো সহায় কৰে।
জেকফ্ৰোট ৩৬৫ নামৰ এই কেচা কঠালৰ গুড়িৰ ওপৰত কৰা পৰীক্ষাৰ অন্তত এই কথা প্ৰমাণ হৈছে যে এই গুড়িৰ পৰা তৈয়াৰ কৰা খাদ্য খালে ১২ টা সপ্তাহৰ ভিতৰত মধুমেহ ৰোগ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰি।
কঠালত থকা ভিটামিন আৰু পুষ্টিয়ে মধুমেহ ৰোগ হ্ৰাস কৰি নিয়ন্ত্ৰণ কৰি ৰখাত বিশেষভাৱে সহায় কৰে।পৰীক্ষাত এই কথাও প্ৰমাণ হৈছে যে মধুমেহ ৰোগী সকলে দৈনিক এই গুড়িৰ পৰা তৈয়াৰ কৰা খাদ্য খালে চুগাৰৰ পৰিমাণ সন্তুলন হৈ থাকে।
সাধাৰণতে এই গুড়িৰ পৰা ইদলি ,ডোচা বা ৰুটি তৈয়াৰ কৰি খাব পাৰি। সেইবাবে আটাৰ পৰিপুৰক হিচাপে এই কেঁচা কঠালৰ গুড়িৰ পৰা বিভিন্ন খাদ্য তৈয়াৰ কৰি খোৱাৰ পোষকতা কৰিছে বিজ্ঞানী সকলে।