গোলাপ ফুল বুলি ক’লেই মনত শিহৰণ জাগে। ক’ত কবিৰ ক’তো কবিতাত গোলাপে স্থান পালে তাৰ হিচাপ কৰি উলিয়াব নোৱাৰি। ফুলৰ ৰাণী গোলাপ। ৰঙা , বগা , হালধীয়া বিভিন্ন ৰঙৰ গোলাপ ফুলে মন – প্ৰাণ পুলকিত কৰি ৰাখে। গোলাপ ফুলক প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সৌন্দৰ্যৰ ৰাণী গোলাপৰো আছে ঔষধি গুণ , জানো আহকচোন গোলাপৰ বিষয়ে-
১) গোলাপ ফুল তিনি পাহ পানীত ধুই একাপ পানীত কিছুসময় তিয়াই ৰাখি তাত এক চামুচ হালধিৰ গুড়া মিহলি কৰি ভালদৰে মিশ্ৰণ কৰি তৈয়াৰ কৰি ল’ব লাগে। চকু ৰঙা পৰা ৰোগত এই মিশ্ৰণ ২/৩ টোপাল কৈ দিলে ভাল হয়।
২) পেটত গেছ জমা হোৱাৰ ফলত শৌচ কঠিন হ’লে গোলাপ ফুলৰ পাহি ৪/৫ টা পিহি খালে আৰোগ্য লাভ কৰিব পাৰি।
৩) মূৰ কামোৰণিত গোলাপ ফুলৰ পাহিৰ ৰস উলিয়াই নাকৰ বিন্ধাত ৩/৪ টোপাল দিলে আৰাম পোৱা যায়।
৪) আহাৰ খোৱাৰ পিছত গোলাপ ফুলৰ পাহি ৪/৫ টাকৈ নিয়মিয়াকৈ খালে আহাৰ হজম হোৱাত সহায় কৰে।
৫) প্ৰস্ৰাৱৰ দোষত কেইটামান গোলাপ ফুলৰ পাহি খালে ভাল হয়।
৬) চকু ৰঙা পৰা বা চকুৰ খচখচনিত গোলাপ ফুল ৫/৬ পাহ এগিলাচ পানীত এৰাতি তিয়াই ৰাখি সেই পানীৰে পুৱা চকু ধুলে ভাল হয়।
৭) আমাশয়ত গোলাপ ফুলৰ পাহি ২০ টা , চেনি ১ চামুচ , ১ কাপ গাখীৰ , ২টা সৰু এলাচি আৰু এখন তেজপাত পায়স বনাই খালে ভাল হয়।