অসমীয়া খাদ্য সম্ভাৰৰ অন্য এক বনদৰৱ হৈছে চেংমৰা শাক।
সাধাৰণতে বাৰীৰ ঢাপৰ কাষৰ পিটনীত হোৱা এই শাকবিধ আজিকালি হয়তো বহুতেই চিনি নাপায়। মাটিৰ অভাৱত ক্ৰমে হেৰাই গৈছে এই শাকবিধ।
অতীতত অসমীয়া সমাজৰ অতি প্ৰিয় ব্যঞ্জন আছিল চেঙমৰা শাকৰ ভাজি বা তৰকাৰী খন।
অতীতত সপ্তাহৰ প্ৰতিটো দিনতেই বাৰীত থকা বনশাকৰ একোখন আঞ্জাই অসমীয়া সমাজত ভাতৰ থালী শুৱনি কৰিছিল। অৱশ্যে ইয়াৰ অন্তৰালত আছিল বনশাকৰ ঔষধি গুণ।
চেংমৰা শাকো প্ৰচুৰ ঔষধি গুণেৰে ভৰপূৰ এবিধ কচু জাতীয় বনৰীয়া উদ্ভিদ। সাধাৰণতে দীঘল ঠাৰীৰে কচুপাতৰ দৰে পাতৰ এই শাকবিধৰ গাটো সৰু সৰু কাইটেৰে ভৰা।
পিটনীৰ হাবিৰ মাজত ওপজা এই শাকবিধ চিঙিবলৈও অলপ কষ্ট হ’য় যদিও ইয়াৰ ঔষধি গুণৰ বাবেই মানুহে বহুখিনি কষ্ট কৰি বুটলি আনি বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰিছিল খাই এই শাক।
সাধাৰণতে কেচুমূৰীয়া ৰোগৰ বাবে চেংমৰা শাক খুবেই উপকাৰী। অত্যন্ত আঁস জাতীয় এই শাকে পেট চাফা কৰাত সহায় কৰে।
তৰকাৰী বনাই খোৱাৰ লগতে পাতৰ পৰা ৰস উলিয়াই খালে কেচুমূৰীয়া ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল হ’য়।
পেটৰ যিকোনো ৰোগৰ বাবে চেংমৰা শাকে ঔষধৰ কাম কৰে। সপ্তাহত এদিন হলেও এই শাক খালে পেটৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।
ইয়াৰোপৰি তেজত হিমগ্ল’বিন তৈয়াৰ কৰাত চেংমৰা শাকে অভূতপূৰ্ব কাম কৰে।
ই মানুহৰ দৃষ্টিশক্তি অক্ষুন্ন ৰখাৰ লগতে সৰু সৰু ল’ৰা-ছোৱালীৰ কৃমি ৰোগো নিৰ্মূল কৰে।
দৈনিক এই শাক খালে অৰ্শ ৰোগৰ পৰা সম্পূৰ্ণ উপশম পাব পাৰে।
বিভিন্ন ৰোগে গা কৰি উঠা এইসময়ত মানুহ সু-স্বাস্থ্যৰ গৰাকী হ’বলৈ হলে পুনৰ খাদ্য সম্ভাৰত যোগ কৰিব লাগিব হেৰাই যাব ধৰা এইসমূহ বনশাকৰ যুতি।