অসমৰ বুৰঞ্জীচৰ্চাৰ গুৰিধৰোঁতা, সাহিত্যিক, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা প্ৰয়াত বেণুধৰ শৰ্ম্মা আছিল একাধাৰে সাহিত্যিক, সাংবাদিক, সমাজ সংস্কাৰক আৰু প্ৰত্নতত্ত্ববিদ । সাহিত্য অকাডেমি বঁটা লাভ কৰা তেওঁ আছিল দ্বিতীয়গৰাকী অসমীয়া । ১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেখেতৰ সাহিত্য ৰাজিতো প্ৰতিফলিত হৈছে বুৰঞ্জীৰ সমল ৷ অসমীয়া সাহিত্য তথা সমাজ জীৱনত তেখেতৰ অৱদান সদায়েই স্মৰণীয় হৈ ৰ’ব ৷ আজি তেখেতৰ পৱিত্ৰ পুণ্যতিথিত যাচিছোঁ শ্ৰদ্ধাৰ্ঘ