মাস্কটৰ পৰা বাংলাদেশৰ ঢাকা অভিমুখী বাংলাদেশ এয়াৰলাইনছৰ পাইলট কেপ্টেইন নৌছাদ আতাউলে অৱশেষত মৃত্যুক সাৱটি ল’য়। যোৱা ২৭ আগষ্টত বাংলাদেশৰ ঢাকা অভিমুখে গৈ থকা এখন বিমান জৰুৰী অৱতৰণ কৰা হৈছিল মহাৰাষ্ট্ৰৰ নাগপুৰ বিমান বন্দৰত।
আকাশমাৰ্গত বিমান খনৰ পাইলটজনৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবেই জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছিল বিমানখন। ইয়াৰপিছতেই পাইলটজনক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।যদিও ৩০ আগষ্টৰ দিনা চিকিৎসাধীন অৱস্থাতেই মৃত্যু হ’য় পাইলটজনৰ।
ঘটনা সন্দৰ্ভত বিমান বাংলাদেশৰ মুখপাত্ৰ তাহেৰা খান্দেকাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে পাইলটজনৰ আকাশমাৰ্গতে হৃদৰোগত আক্ৰান্ত হোৱাত নাগপুৰৰ কিছৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সোমবাৰে পাইলটজনৰ মৃত্যু হ’য়।
ইফালে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে কেপ্টেইন নৌছাদ আতাউলে বিমানখন চলাই থাকোতেই হৃদৰোগত আক্ৰান্ত হৈছিল আৰু পিছত তেওঁ ক’মা অৱস্থালৈ গুছি গৈছিল।
কেপ্টেইন নৌছাদে ১২৬ জন যাত্ৰীক লৈ ঢাকালৈ গৈ আছিল।আৰু হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাত বিমান কৰ্তৃপক্ষই নাগপুৰ এয়াৰ ট্ৰেফিক কন্ট্ৰোলাৰৰ সৈতে যোগাযোগ কৰি জনাইছিল যে এজন পাইলট গুৰুতৰভাৱে হৃদৰোগত আক্ৰান্ত হৈছে আৰু তেওঁক তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন।
ইয়াৰপিছতেই নাগপুৰ বিমান বন্দৰত ৰৈ থকা এম্বুলেন্সত পাইলটজনক চিকিৎসালয়লৈ নিয়া হ’য়।পিছত শুক্ৰবাৰে নিশা এই ভংয়কৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা ১২৬ জন যাত্ৰীক ঢাকালৈ লৈ যোৱা হৈছিল।