সোণ যিদৰে মূল্যবান ধাতু ঠিক তেনেদৰেই জালুকো হৈছে অতি মূল্যবান আৰু ঔষধিগুণ সম্পন্ন৷বিভিন্ন প্ৰকাৰৰ মছলাৰ ভিতৰত জালুক সৰ্বোৎকৃষ্ট বুলি জনা যায়৷ বিশ্বৰ ভিতৰত অসমৰ জালুক সৰ্বোৎকৃষ্ট ৷
জালুকৰ গছ লতা জাতীয়,ই আন গছত বগাই যায়৷জালুকৰ পাত পাণৰ দৰে আৰু গাঢ় সেউজীয়া ৷জালুকৰ গছত সৰু গোলাকাৰ ফলবোৰ থোপাথূপে লাগে ৷কেঁচাতে ফল সেউজীয়া আৰু পকিলে ক’লা বৰণৰ হয় আৰু ইয়াৰ সোৱাদ জ্বলা৷
ভাৰতীয় বিভিন্ন ভাষাত জালুকক বিভিন্ন নামেৰে জনা যায়৷সংস্কৃতত মেৰিকাম,হিন্দীত কালিমিৰ্চ,মাৰাঠিত মিৰ্চ,মালায়লমত কোৰামূলংকো,তেলেগুত মিৰিয়ালো,তামিলত মিলাকো,বঙালীত কালি মিৰ্চ,আৰু ইংৰাজীত ব্লেক পিপাৰ নামেৰে জালুকক নামাকৰণ কৰা হৈছে৷
জালুকৰ বৈজ্ঞানিক নাম পাইপাৰ নাইগ্ৰাম আৰু উদ্ভিদ বিজ্ঞানৰ শ্ৰেণী বৰ্গীকৰণৰ মতে জালুক পাইপাৰয়েচি গোত্ৰৰ অন্তৰ্গত৷
জালুকৰ বহুতো ঔষধি গুণ আছে
- গা-বিষত জালুক উৎকৃষ্ট৷চাহ,গৰমপানী,বিভিন্ন আঞ্জা আদিত জালুক দি খালেও গাৰ বিষ নোহোৱা হয়৷
- যি কাৰণতেই কাহ নহওঁক কিয় জালুক দহটামান পিহি তাত তিনিচামুচ মৌ আৰু আদাৰ ৰস এচামুচ আৰু কলীয়া তুলসীৰ ৰস মিশ্ৰণ কৰি দিনে তিনি চাৰিবাৰকৈ খালে কাহ নাইকিয়া হয়৷
- জালুকে পানীলগা ৰোগ নাশ কৰিব পাৰে ৷গৰম পানী বা আঞ্জাত জালুক দি খালে সুফল পোৱা যায়
- অৰুচি ৰোগত জালুকৰ গুড়ি পাণ এখনত ভাজি গুড়ৰ লগত খালে অৰুচি নাশ হয়৷জালুকৰ গুড়ি মাখনৰ লগত খালে সুফল পোৱা যায়
- ভোক নলগা সকলে জালুকৰ গুড়ি মাখনৰ লগত খালে সোনকালে ভোক লাগে
- জালুকৰ গুড়া নিমখৰ লগত মিলাই দাঁত মাজিলে দাঁতৰ পৰা পূঁজ ওলোৱা বন্ধ হয় আৰু বীজাণু নাশ হয়৷
- দাঁতৰ বিষত জালুকৰ গুড়ি দুটা লঙৰ গুড়িৰ লগত মিলাই দাঁতৰ গুৰিত লগালে উপশম পোৱা যায়৷
- ভৰি হাতৰ জোৰাবোৰত বিষ হ’লে জালুক ,আদা ,জিৰা খুন্দি মিঠাতেলত ভাজি বিষ হোৱা ঠাইত লগালে বিষ নোহোৱা হয়৷
- পেটচলিলে জালুকৰ গুড়ি ,এটি পাত,দুই চামুচ পানী মিশ্ৰণ কৰি খুৱালে পুৰণি পেটচলা ৰোগীও আৰোগ্য হয়৷
- জালুকে যৌন শক্তি অটুট ৰখাতো সহায় কৰে
- জালুকৰ গুড়ি গৰুৰ ঘিউৰ লগত মিহলাই খজুৱতি হোৱা ঠাইত প্ৰলেপ লগালে খজুৱতি নোহোৱা হয়৷
জালুকৰ আৰু এনে বহু গুণ আছে যাৰ বাবে জালুক সকলোৰে আদৰৰ ৷সোণতকৈ কোনা ঘুণে কম নোহোৱা জালুকক সেয়েহে ক’লা সোণ বুলি কোৱা হয়৷
- নিম্ন ৰক্তচাপত ভূগা মানুহে দুই চামুচকৈ প্ৰতিদিনে আঞ্জা বা পানীত দি খালে নিম্ন ৰক্তচাপ ভাল হয়
- জালুক বীজাণুনাশক৷ কুকুৰ বা অন্য কুকুৰে কামুৰিলে কামোৰা ঠাইত জালুকৰ গুড়ি লগাই প্ৰলেপ দিলে কুকুৰে কামোৰা বিষ নোহোৱা হয়৷
- ঠাণ্ডা দিনত জালুক খালে শৰীৰৰ উষ্ণতা ঠিক হয়৷