পুৱা-সন্ধিয়া চাকি জ্বলাই শংখ বজোৱাৰ পৰম্পৰা এই দেশৰ সংস্কৃতিৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। আজিও বহু মহিলাই পুৱা-গধূলি পূজা আৰু শংখ বজোৱাৰ পৰম্পৰা মানি চলে। পূজা বা যিকোনো শুভ অনুষ্ঠান, শংখধ্বনি অবিহনে সম্পূৰ্ণ নহয়। কিন্তু জানেনে, এই প্ৰাচীন পৰম্পৰা স্বাস্থ্যৰ লগত জড়িত। পুৱা আৰু গধূলি নিয়মিতভাৱে শংখ বজালে শৰীৰৰ কি কি উপকাৰ হয় জানেনে ?
১. আয়ুৰ্বেদিক চিকিৎসাত শংখ বজোৱাটো প্ৰাণায়ামৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়। শংখ বজোৱাৰ সময়ত দীঘলকৈ উশাহ ল’ব লাগে। সেই উশাহটো বহুসময়লৈ এৰি দিব লাগে। ই হাওঁফাওঁৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ব্যায়াম কৰা হয়। পুৱা-গধূলি পূজাত শংখ তিনিবাৰ বজোৱাৰ প্ৰথা। দিনটোত ছয়বাৰ হয়। এনেদৰে শংখ বজাইলে উশাহ-নিশাহত এটা ছন্দৰ সৃষ্টি হয়, যিটো শৰীৰৰ বাবে ভাল।
২. মন আৰু স্নায়ুতন্ত্ৰতো ইয়াৰ প্ৰভাৱ পৰে। শংখ বজোৱাৰ পিছত মন শান্ত হৈ পৰে। শংখ বজোৱাৰ ফলত উৎপন্ন হোৱা কম্পন মগজুলৈ যোৱাৰ ফলত মন শান্ত হয়, কেতিয়াবা উদ্বেগ কমি যায়।
৩. শংখ বিশেষ ধৰণে ফু দি বজাব লাগে। ই থাইৰয়ড গ্ৰন্থি আৰু কণ্ঠতন্ত্ৰৰ ব্যায়াম স্বৰূপ ৷
৪. শংখ বজোৱাৰ ফলত সমগ্ৰ শৰীৰত প্ৰভাৱ পৰে। শৰীৰৰ তলৰ অংশৰ পেশীৰ ওপৰত চাপৰ বাবে প্ৰস্ৰাৱ নলী, মূত্ৰাশয়, তলপেট আদিৰ ভাল ব্যায়াম হৈ যায় ।
৫. শংখ বজাব বিচাৰিলে জোৰেৰে ফুৱাই দিব লাগে। ইয়াৰ ফলত মুখৰ পেশীৰ ব্যায়াম হয়। ৰক্ত সঞ্চালন বৃদ্ধি পায়। ফুলা গাল আৰু বলিৰেখাৰ সমস্যা কমোৱাত সহায় কৰে।
সতৰ্কবাণী
শংখৰ শব্দ শুনিলে মন শান্ত হয়। বহু উপকাৰ পোৱাৰ পিছতো নিৰ্দিষ্ট ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। উচ্চ ৰক্তচাপ, গ্ল’ক’মা, হাৰ্নিয়া আদি সমস্যা থাকিলে শংখ নবজোৱাই ভাল। ই বিভিন্ন পেশীৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। যিটো এনে ৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।