শৰীৰৰ প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিদিনে এটাকৈ কণী খোৱাৰ পৰামৰ্শ পুষ্টিবিদসকলে। কাৰণ কণীত সম্পূৰ্ণ প্ৰটিন থাকে। ইয়াৰ বাহিৰেও কণীত বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। গতিকে সুষম খাদ্য হিচাপে কণী যথেষ্ট জনপ্ৰিয়। অৱশ্যে কণী আপুনি কি ধৰণে খায় ভাল পায় ৷ কিছুমানে কণী গোটাকৈ সিজাই খায়। আন কিছুমান আধাসিজাকৈ খাই ভাল পায় । আগতে কেঁচা কণী গাখীৰৰ লগত মিহলি কৰাটোও সাধাৰণ কথা আছিল। কিন্তু শৰীৰৰ বাবে কণী ৰান্ধিবলৈ সঠিক উপায় কি? পুষ্টিবিদসকলে কয় যে সিজোৱা কণী আটাইতকৈ উপযোগী। বিভিন্ন অধ্যয়নত সেই প্ৰমাণ পোৱা গৈছে।
আৰু বহু ঘৰত কণী প’চ্চ খোৱাৰ অভ্যাস আছে ৷ বডি বিল্ডিঙৰ লগত জড়িতসকলৰ বাবে এই খাদ্য ভাল। ইয়াক হজম কৰাত সহজ। গতিকে যদি আপুনি সকলো সময়তে সিজোৱা কণী খাব নিবিচাৰে তেন্তে পচ্চ কৰি খাব পাৰে ৷
শেহতীয়াকৈ বহু লোকে কণী বেকিং কৰাৰ পিছত খায় ৷ কিন্তু গৱেষকসকলে সেই পদ্ধতি শৰীৰৰ বাবে বৰ ফলপ্ৰসূ নহয় বুলি ভাবে। এইদৰে কণী ৰান্ধিলে তেল বা মাখনৰ পৰিমাণ মধ্যমীয়া হ’লেও ভিটামিন ডিৰ মাত্ৰা নষ্ট হয়। গতিকে কণী উতলাই বা কম তেলত লঘুকৈ ভাজি খালে শৰীৰৰ যথেষ্ট উপকাৰ হয় ৷