VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক’ভিডকালীন সংকটৰ মাজত কঁঠাল আৰু কলৰ চিপ্‌ছ বিক্ৰীৰে স্বাৱলম্বী বকোৰ এদল যুৱতী

voicedesk by voicedesk
July 15, 2021
in জীৱন, অৰ্থনীতি, সমাজ
ক’ভিডকালীন সংকটৰ মাজত কঁঠাল আৰু কলৰ চিপ্‌ছ  বিক্ৰীৰে  স্বাৱলম্বী  বকোৰ এদল  যুৱতী
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ক’ভিডকালীন বিপৰ্যয়ে অজস্ৰ মানুহৰ জীৱন-জীৱিকাৰ পথ বন্ধ কৰিছে। আনহাতে এই সময়ছোৱাত হাত সাৱটি বহি নাথাকি এচামে নিজৰ তথা পৰিয়ালৰ বাবে মুকলি কৰি লৈছে উপাৰ্জনৰ কিছু ব্যতিক্ৰমী পথ। তাৰে উদাহৰণ বকোৰ কিনানগাঁৱৰ বহুকেইগৰাকী উদ্যমী যুৱতী।

স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকল বন্ধৰ এই সময়ছোৱাত সাধাৰণতে মবাইল, টিভি অথবা খেলা-ধূলাতে ব্যস্ত আছে। কিন্তু কিছু ব্যতিক্ৰমী চিন্তাৰে অন্যৰ বাবে উদাহৰণ হৈ পৰিছে কিনানগাঁৱৰ এই যুৱতীকেইগৰাকী। তেঁওলোকে অঞ্চলটোত এই সময়ছোৱাত সহজে উপলদ্ধ কঁঠাল আৰু কলৰ চিপ্‌ছ তৈয়াৰ কৰি বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে বহুতৰ বাবে লৈ আনিছে আশাৰ বতৰা।

চানচিলা ডি চাংমা নামৰ যুৱতীগৰাকীৰ ভাষ্য অনুসৰি, বন্ধৰ সময়ছোৱাত কৰিবলৈ বিশেষ কাম নাথাকে। সেয়ে তেঁওলোকে আলোচনা কৰি ভাবিলে যে এতিয়া বতৰত সহজে উপলদ্ধ কঁঠাল আৰু কলৰ চিপ্‌ছ তৈয়াৰ কৰি বিক্ৰী কৰিব। ইয়াৰ পৰা তেঁওলোক নিজে স্বাৱলম্বী হোৱাৰ উপৰিও ঘৰখনকো সকাহ দিব পাৰিব।

সেইমতেই তেঁওলোকৰ কেইগৰাকীমান লগ হৈ চিপ্‌ছ তৈয়াৰ কৰা আৰম্ভ কৰে। প্ৰথমে ঘৰে ঘৰে গৈ বিক্ৰী কৰি এতিয়া বকো বজাৰতো তেঁওলোকৰ হাতেৰে তৈয়াৰী চিপ্‌ছ উপলদ্ধ হৈছে আৰু গ্ৰাহকে এই সোৱাদ পছন্দও কৰিছে। বিশেষকৈ সৰু ল’ৰা-ছোৱালীবোৰৰ মাজত ইয়াৰ আদৰ বেছি।

এটা কঁঠালৰ পৰা প্ৰায় ২০-৩০ পেকেট আৰু এঠোক কলৰ পৰা ২০-৩০ পেকেট চিপ্‌ছ তৈয়াৰ কৰিব পাৰি। ইয়াৰে এটা পেকেটৰ মূল্য ১০ টকা। তেঁওলোকে অৰ্ধ লকডাউনৰ এই সময়ছোৱাতো চিপ্‌ছ বিক্ৰী কৰি দৈনিক ২০০ ৰ পৰা ৫০০ টকালৈ উপাৰ্জন কৰিছে।

শচীথা ডি চাংমা নামৰ অন্য এগৰাকী যুৱতীয়ে কয় যে, কোনো প্ৰশিক্ষণ অবিহনেই বহুত অভ্যাস কৰিহে তেঁওলোকে সোৱাদলগাকৈ চিপ্‌ছ তৈয়াৰ কৰিব পাৰিছে। পূৰঠ ফলৰ পৰা তৈয়াৰ কৰা এই চিপ্‌ছবোৰত সোৱাদৰ বাবে নিমখ, নৰসিংহ আদি ব্যৱহাৰ হয়।

আজি বিশ্ব যুৱ দক্ষতা দিৱস। অসমত প্ৰায় ৩০-৩৫ লাখ কৰ্মসংস্থাপনহীন লোক আছে। চৰকাৰে ১ লাখ নিয়োগ কৰিলেও এই সংখ্যা তেনেই নগণ্য। ব্যক্তিগত খণ্ডত বিনিয়োগ অথবা দক্ষতা বৃদ্ধিৰ জৰিয়তেহে অসমৰ নিবনুৱা সমস্যা দূৰ কৰিব পৰা যাব।

বিশ্বজুৰি চিপ্‌ছৰ এখন বৃহৎ বজাৰ আছে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে পচন্দ সোৱাদভৰা চিপ্‌ছ। দক্ষিণ ভাৰতত স্থানীয়ভাৱে তৈয়াৰ কৰা চিপ্‌ছৰ চাহিদা বহু বেছি। অসমতো এনে বহু সামগ্ৰী উপলদ্ধ যিবোৰৰ পৰা সোৱাদলগাকৈ চিপ্‌ছ তৈয়াৰ কৰিব পাৰি।

অসম চৰকাৰৰ দক্ষতা বৃদ্ধিৰ বাবে Skill Development Mission আছে যদিও এই ক্ষেত্ৰত এতিয়াও বহু কাম হ’বলৈ বাকী আছে। চিপ্‌ছ তৈয়াৰ কৰা প্ৰশিক্ষণৰ জৰিয়তেও এচাম যুৱক-যুৱতীক সংস্থাপনৰ সুবিধা কৰি দিব পৰা যাব। ই স্বাস্থ্যসন্মত তথা অৰ্থনৈতিক দিশৰ পৰাও আশাব্যঞ্জক।

Previous Post

চৰম আৰ্থিক সংকটৰ গৰাহত অসম ৰাজ্যিক পৰিবহণ নিগমঃ অনিশ্চিয়তাত কৰ্মচাৰীৰ দৰমহা

Next Post

কি আছে অসম বিধান সভাত উত্থাপন হ’বলগীয়া জন্ম নিয়ন্ত্ৰণ বিধেয়কত ?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কি আছে অসম বিধান সভাত উত্থাপন হ’বলগীয়া  জন্ম নিয়ন্ত্ৰণ বিধেয়কত ?

কি আছে অসম বিধান সভাত উত্থাপন হ’বলগীয়া জন্ম নিয়ন্ত্ৰণ বিধেয়কত ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7