আন্ত্ৰিক অংশত থকা কিছুমান উপকাৰী বেক্টেৰিয়াই খাদ্য হজম কৰাৰ পৰা পুষ্টিকৰ উপাদান শোষণ কৰাত সহায় কৰে। পেটৰ ভিতৰত কিছুমান বেয়া বেক্টেৰিয়া থাকে। ভাল-বেয়াৰ যুদ্ধত উপকাৰী বেক্টেৰিয়াই জয়ী হ’লে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি নহয়। পেটটো সুস্থ কৰি ৰাখিবলৈ শৰীৰৰ বাবে উপকাৰী খাদ্য খোৱাটো প্ৰয়োজনীয়। বগা ৰুটি, কাৰ্বনেটেড পানীয়, আইচক্ৰীম খোৱাটো ঠিকেই আছে, কিন্তু শৰীৰত শর্কৰাৰ পৰিমাণ বেছি হ’লে ক্ষতিকাৰক। গতিকে খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰিব পাৰিলে স্বাস্থ্যৰ চিন্তা নাই।
বগা ৰুটিৰ সলনি মাল্টিগ্ৰেইন ব্ৰেড
ময়দাৰ ব্ৰেড খালে ভাল নহয়। ইয়াৰ পৰিৱৰ্তে ব্ৰাউন ব্ৰেড বা মাল্টিগ্ৰেইন ব্ৰেড খাব পাৰে। ইয়াৰ বাহিৰেও কুইনোয়া বা অটচ খালে পেট ভাল হৈ থাকিব। এই সকলোবোৰ খাদ্যতে উচ্চ মাত্ৰাত আঁহ থাকে। যিটো উপকাৰী বেক্টেৰিয়াৰ বাবে প্ৰয়োজনীয়।
চচ্চেজৰ সলনি সতেজ মাংস
ব্যৱসায়িক চচ্চেজত বিভিন্ন ৰাসায়নিক পদাৰ্থ মিহলাই দীৰ্ঘদিন ধৰি সতেজ কৰি ৰখা হয়। প্ৰচেছড ৰাসায়নিক পদাৰ্থ ‘ফ্ৰ’জেন খাদ্য’ত ব্যৱহাৰ কৰা হয়। এনে খাদ্যৰ সলনি সতেজ কণী, মাংস, মাছ খাব পাৰে। শাক-পাচলিৰ প্ৰটিন, যেনে বিভিন্ন ধৰণৰ দাইল মেনুত অন্তৰ্ভুক্ত কৰিব পাৰি।
বনৌষধি চাহ, ব্যৱসায়িক পানীয়ৰ সলনি ফলৰ ৰস
ব্যৱসায়িক ফলৰ ৰসত প্ৰায়ে চেনি যোগ কৰা হয়। প্ৰচেছড ৰাসায়নিক পদাৰ্থও ব্যৱহাৰ কৰা হয়। গতিকে এনে ফলৰ ৰস বা যিকোনো ধৰণৰ পেকেটত পোৱা পানীয়ৰ সলনি ঘৰতে বনোৱা ফলৰ ৰস, বনৌষধি চাহ খাব পাৰে। বিভিন্ন ফল কাটি পানীত মিহলাই ডিটক্স ড্ৰিংক বনাব পাৰে। শৰীৰৰ বাবেও উপকাৰী। ডিটক্স পানীয়ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে।
আলুৰ চিপছৰ সলনি ৰাগি চিপচ
বজাৰত পোৱা আলুৰ চিপছৰ সলনি ৰাগী, মিঠা আলুৰ সৈতে ঘৰতে চিপছ বনাব পাৰে ৷
আইচক্ৰীমৰ সলনি দৈ
আইচক্ৰীমৰ সলনি ঘৰতে দৈ খাব পাৰে। ‘গ্ৰীক দৈ’ পেটৰ বাবে অতি উত্তম। দৈয়ে প্ৰ’বায়’টিক হিচাপে কাম কৰে। ইয়াৰ উপৰিও কাৰ্বনেটেড পানীয়ৰ পৰিৱৰ্তে নাৰিকল পানী, ফলৰ ৰসও খাব পাৰে।