সোৱাদ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মাছ আৰু মাংসৰ লগত কণীয়েই প্ৰতিযোগিতা কৰিব পাৰে। শৰীৰৰ বাবেও কণী উপকাৰী । ছালৰ যত্নৰ বাবেও কণী উৎকৃষ্ট। বজাৰত দুটা ৰঙৰ কণী পোৱা যায়। এটা বগা আৰু আনটো বাদামী। বহুতে ভাবে যে বগা কণীতকৈ বাদামী কণী স্বাস্থ্যকৰ। ঘৰৰ বয়োজ্যেষ্ঠসকলে তেনেকৈ কোৱা প্ৰায়ে শুনা যায়। বহুতে বিশ্বাস কৰে যে ব্ৰাউন কণী অধিক পুষ্টিকৰ।
পুষ্টিবিদসকলৰ মতে কণীৰ দৰে পুষ্টিকৰ খাদ্য কমেইহে থাকে। কণীত ফছফৰাছ, আইৰণ, মেগনেছিয়াম, জিংক, কেলচিয়াম, স্বাস্থ্যকৰ চৰ্বি, চেলেনিয়াম আদি কিছুমান উপকাৰী উপাদান থাকে। পুষ্টিবিদসকলৰ মতে কণীৰ বগা অংশৰ তুলনাত কুহুমত বহু বেছি প্ৰটিন থাকে। কলেষ্টেৰল, থাইৰয়ড, উচ্চ ৰক্তচাপ আদি সমস্যাত ভুগি থকাসকলক কুহুম খোৱাত চিকিৎসকে নিষেধাজ্ঞা আৰোপ কৰে।
পেশী শক্তিশালী কৰাৰ ক্ষেত্ৰতো কণীৰ গুৰুত্ব অতিশয় বেছি। দীৰ্ঘদিনীয়া ৱৰ্কআউটৰ পিছত দুৰ্বল পেশীবোৰ শক্তিশালী কৰিবলৈ কণী খোৱাটো গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও কণীত থকা প্ৰ’টিনে পাচন প্ৰক্ৰিয়াক শক্তিশালী কৰে। বহুতে হয়তো নাজানে, কণীয়ে ওজন কমোৱাতো সহায় কৰিব পাৰে। ইয়াৰ বাহিৰেও কণীত থকা প্ৰ’টিনে পাচনতন্ত্ৰ শক্তিশালী কৰে।
কিন্তু পুষ্টিবিদসকলৰ মতে বাদামী আৰু বগা কণীৰ মাজত পুষ্টিৰ কোনো পাৰ্থক্য দেখা নাযায়। পাৰ্থক্য মাথোঁ কণীৰ খোলাৰ ৰং। বজাৰত ব্ৰাউন কণীতকৈ বগা কণী বেছিকৈ পোৱা যায়। কাৰণ বাদামী কণী উৎপাদন অতি ব্যয়বহুল। কাৰণ বাদামী কণী পৰা কুকুৰাৰ ৰপ্ৰতিপালনত খৰচ বেছি। তেওঁলোকক যি ধৰণৰ খাদ্য দিয়া হয় তাৰ বজাৰ মূল্যও অতি বেছি। গতিকে কণীৰ দামও বেছি। ইয়াৰ বাহিৰেও সঁচাকৈয়ে এই দুবিধ কণীৰ মাজত কোনো পাৰ্থক্য নাই। সোৱাদ বেলেগ হ’লেও বাদামী আৰু বগা কণীৰ গুণগত মানৰ কোনো পাৰ্থক্য দেখা নাযায়। সুস্থ হৈ থাকিবলৈ যিকোনো এটা বাছি ল’ব পাৰে।