কেতিয়াবা অসাৱধান বশতঃ বা দুৰ্ঘটনা জড়িত কাৰণত আমাক জুইয়ে পুৰে। জুইয়ে পুৰিলে সাধাৰণতে ঢৌ উঠে আৰু অসহ্য বিষ হয়। এনে অৱস্থাত আমি বিচলিত হ’ব নালাগে। বন দৰবেৰে আমি প্ৰতিকাৰ কৰিব পাৰো –
১) অশোকৰ ক্কাথ খোৱাৰ উপৰিও পোৰা ঠাইত প্ৰলেপ দিব লাগে।
২) পুৰৈ শাকৰ পাত ২/৩ খন মিহিকৈ খুন্দি মাখনৰ সৈতে লগাব লাগে।
৩) মেথিগুটি ৫০ গ্ৰাম পানীত তিয়াই তাক পিহি পোৰা ঠাইত প্ৰলেপ দি থলে ৰমৰমনি ভমভমনি নাইকিয়া হয়।
৪) আলু চকল চকল কৰি লগালে জ্বলনি পোৰণি কমি যায়।
৫) ছালকুঁৱৰীৰ পাত এখন খুন্দি প্ৰলেপ দিব লাগে।
৬) জুইয়ে পোৰা ঘাত অমিতা আঠা লগালে যথেষ্ট উপকাৰ পোৱা যায়।
৭) পকা ভীমকল চকল চকলকৈ কাটি জুইয়ে পোৰা ঠাইত লগাব লাগে।
৮) গাজৰ এডোখৰ পিহি জুইয়ে পোৰা ঠাইত লগালে ঢৌ নুঠে।
৯) ধূনা পিহি প্ৰলেপ দিব লাগে।
১০) ঠাণ্ডাদায়ক আৰু ৰসাল বস্তু খাব লাগে। আমলখি খোৱা ভাল।