ঘৰ নিৰ্মাণৰ সপোন কোনে নেদেখে? নিজৰ ঘৰ এখন সাজিবলৈ মধ্যবিত্ত শ্ৰেণীয়ে জীৱনৰ সকলো সঞ্চয় খৰচ কৰে ৷ অৱশ্যে সপোন পূৰণৰ এই যাত্ৰাত বহু সমস্যাৰ সৃষ্টি হয়। আনকি, বহুতে অসাধু ব্যৱসায়ীৰ কবলত সকলো হেৰুৱাই পেলায় ৷ গতিকে নতুন ফ্লেট কিনাৰ আগতে অতিৰিক্ত সাৱধান হোৱাটো প্ৰয়োজন। ফ্লেট কিনাৰ আগতে কিছুমান কথাত গুৰুত্ব নিদিলে বিপদত পৰিব?
১. যিকোনো বস্তু কিনাৰ আগতে বাজেট নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। ফ্লেট কিনাৰ সময়ত এই নিয়ম আৰু অধিক প্ৰযোজ্য। বাজেট ঠিক কৰাৰ পিছতহে ফ্লেট বিচাৰিব। ফ্লেট বাছি লোৱাৰ পিছত যদি দেখে যে ইয়াৰ দাম সুলভ নহয়, তেন্তে আপুনি হতাশ হ’ব পাৰে। বৰঞ্চ সাধ্যৰ ভিতৰত সপোন পুৰণ কৰিবলৈ চেষ্টা কৰক।
২. ফ্লেট কিনিবলৈ প্ৰমোটাৰৰ লগত যোগাযোগ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। ফ্লেটটো চূড়ান্ত কৰাৰ আগতে এবাৰ প্ৰমোটাৰৰ লগত পৰীক্ষা কৰক। তেওঁৰ দায়িত্বত থকা আন আন প্ৰকল্পৰ বিষয়ে জানি লওক। এজন ব্যক্তি হিচাপে তেওঁ কেনে সেয়াও জনাটো জৰুৰী।
৩. ফ্লেটটো ভাল পালে লগে লগে ধন নিদিব। বৰঞ্চ নিৰ্মাণ কামৰ সময়ত কেইদিনমান তাত উপস্থিত হওক ৷ কামৰ অগ্ৰগতিৰ খবৰ ৰাখক। নিৰ্বাচিত ফ্লেটটোৰ বেৰ, চাল, মজিয়া শক্তিশালী নে নহয় পৰীক্ষা কৰক। প্ৰয়োজন হ’লে এই বিষয়ত অভিজ্ঞ কোনোবা এজনৰ সহায় লওক।
৪. ফ্লেট কিমান বৰ্গফুটৰ সেয়া কোৱা কথাৰ ওপৰত বিশ্বাস নকৰিব। কাৰণ এইক্ষেত্ৰত আপোনাৰ চকুত ধূলি মৰাৰ সম্ভাৱনা আছে । গতিকে ফ্লেট কিনাৰ আগতে বৰ্গফুট সঠিক হয়নে নহয় নিজে জুখি পৰীক্ষা কৰক।
৫. ভাল যাতায়ত ব্যৱস্থা থকা ঠাইত ফ্লেট কিনিব লাগে। । ফ্লেট কিনাৰ সময়ত বাছ ষ্টপটো তাৰ পৰা কিমান দূৰ আছে চাওক। ওচৰতে বজাৰ, দোকান, চিকিৎসালয় আছে নে নাই পৰীক্ষা কৰক। এই সকলোবোৰ নেদেখাকৈ খৰখেদাকৈ সিদ্ধান্ত ল’লে পিছত বিপদত পৰিব পাৰে।