গাখীৰৰ সৰ ব্যৱহাৰ কৰাতকৈ দোকানৰ পৰা ক্ৰয় কৰা স্ক্ৰাব বহুতে ছাল পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰে ৷ কিন্তু আপোনাৰ ছালৰ বাবে কোনবিধ সামগ্ৰী বেছি উপকাৰী ? গাখীৰৰ সৰ নে বজাৰৰ পৰা অনা স্ক্ৰাব ৷ প্ৰসাধন বিশেষজ্ঞসকলে কয় যে কৃত্ৰিম উপাদান প্ৰয়োগ নকৰাকৈয়ে গাখীৰৰ লগত কিছুমান প্ৰাকৃতিক উপাদান মিহলাই সহজেই স্ক্ৰাব প্ৰস্তুত কৰিব পাৰি। ছালৰ পৰা মৃত কোষ আঁতৰোৱা, ছাল মসৃণ কৰা, ছালৰ আৰ্দ্ৰতা ধৰি ৰখা – এই সকলোবোৰ গাখীৰৰ গুণৰ বাবেই সম্ভৱ।
শৰীৰটো মসৃণ কৰিবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন?
গাখীৰৰ সৰ , কেঁচা হালধিৰ ৰস অথবা ৰাসায়নিক পদার্থ নথকা হালধি গুড়ি , গোলাপ জল, বেচন আৰু মৌ ৷
পদ্ধতি:
সৰু বাটি এটাত সকলো উপাদান ভালদৰে মিহলাই লওক। মিশ্ৰণটো বেছি ডাঠ বা বেছি পাতল হ’ব নালাগে। এইবাৰ প্ৰথমে শৰীৰত অলপ পানী ঢালি দিব। ইয়াৰ পিছত এই মিশ্ৰণটো ভালদৰে লগাব। হাতেৰে ঘঁহি থাকিব। কঁকাল, আঁঠু, ভৰিৰ গোৰোহা আদি ৰুক্ষ অংশবোৰ অলপ বেছি জোৰেৰে ঘঁহিলে ভাল। সপ্তাহত তিনিদিন গা ধুবলৈ ২০ মিনিট অতিৰিক্ত সময় দিলেই আপোনাৰ ছালখন ধুনীয়া হৈ পৰিব ৷ শুকান ছালৰ সমস্যা দূৰ হ’ব ৷