কেঞ্চাৰ হৈছে এনে এক ৰোগ য’ত শৰীৰৰ কিছুমান কোষ নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি হ’বলৈ ধৰে আৰু শৰীৰৰ আন অংশলৈ অস্বাভাৱিক ভাৱে বিয়পি পৰে।
কৰ্কট ৰোগ মানৱ শৰীৰৰ প্ৰায় যিকোনো ঠাইতে আৰম্ভ হ’ব পাৰে, যি ট্ৰিলিয়ন কোষেৰে গঠিত। সাধাৰণতে, মানুহৰ কোষবোৰ বৃদ্ধি হয়৷ কোষ বিভাজন নামৰ প্ৰক্ৰিয়াএটাৰ জৰিয়তে শৰীৰত নতুন কোষ গঠন হয়, যিহেতু শৰীৰক সেইবোৰৰ প্ৰয়োজন হয়। যেতিয়া কোষবোৰ পুৰণি হয় বা ক্ষতিগ্ৰস্ত হয়, সেইবোৰ মৰি যায় আৰু নতুন কোষবোৰে মৃত কোষবোৰৰ স্থান লয়৷
কেতিয়াবা এই সুশৃংখল প্ৰক্ৰিয়াটো ভাঙি যায় আৰু অস্বাভাৱিক বা ক্ষতিগ্ৰস্ত কোষবোৰ বৃদ্ধি হ’বলৈ ধৰে। এই কোষবোৰে টিউমাৰ সৃষ্টি কৰিব পাৰে, যি হৈছে কোষকলাৰ পিণ্ড আৰু কেতিয়াবা এই টিউমাৰৰ পৰাই কৰ্কট ৰোগ হ’ব পাৰে। কৰ্কট ৰোগৰ টিউমাৰ ওচৰৰ কোষকলালৈ বিয়পি পৰে৷ নতুন টিউমাৰ গঠন কৰিবলৈ শৰীৰৰ দূৰৱৰ্তী স্থানলৈ ভ্ৰমণ কৰিব পাৰে মেটাষ্টেচিছ নামৰ এক প্ৰক্ৰিয়াৰ জৰিয়তে। কৰ্কট ৰোগৰ টিউমাৰক মাৰাত্মক টিউমাৰ বুলিও কোৱা হয়৷ বহুতো কৰ্কট ৰোগে কঠিন টিউমাৰ গঠন কৰে৷
শৰীৰে সাধাৰণতে কৰ্কট ৰোগ হোৱাৰ আগতে ক্ষতিগ্ৰস্ত ডিএনএ থকা কোষবোৰ আঁতৰ কৰে। কিন্তু আমাৰ বয়স হোৱাৰ লগে লগে শৰীৰৰ এনে কৰাৰ সামৰ্থ্য হ্ৰাস পায়।সেই কাৰণেই জীৱনৰ শেষৰ ছোৱাত কৰ্কট ৰোগৰ আশংকা অধিক হয়।
কৰ্কট ৰোগৰ লক্ষণ সমূহ:-
- যিকোনো ঘাঁ হ’লে সহজে নুশুকাই
- বুকু বা শৰীৰৰ যিকোনো ঠাইত গোট মাৰি ধৰিব পাৰে
- যিকোনো সময়ত তেজ ওলাই
- গাত থকা তিল বা কাঠ আচিনাৰ যিকোনো পৰিৱৰ্তন হ’ব পাৰে
- নেৰানেপেৰা অজীৰ্ণ বা কোনো বস্তু গিলোতে কষ্ট পায়
- মাত ভঙা,কাঁহ,বুকু বিষ,ডিঙি বিষ আদি সঘনাই হৈ থাকিলেও সি কেঞ্চাৰৰ সংকেত হ’ব পাৰে
- শৰীৰৰ ভিতৰভাগৰ নিয়মীয়া যিকোনো পৰিৱৰ্তন হ’ব পাৰে
এই লক্ষণসমূহৰ পৰা কৰ্কট ৰোগ হোৱাৰ এক অনুমান কৰিব পাৰি ৷কিন্তু প্ৰতিৰোধেই নহয় সঠিক সময়ত চিনাক্ত হ’লে ইয়াৰ পৰা আৰোগ্যও লাভ কৰিব পাৰি৷
কৰ্কটৰোগ প্ৰতিৰোধ কৰিবৰ বাবে খাদ্যাভাসত অধিক গুৰুত্ব দিয়া প্ৰয়োজন৷আমাৰ কিছুমান শাক-পাছলি ,ফল-মূল দৈনিক আহাৰ তালিকাত অন্তৰ্ভূক্ত কৰিলে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবপাৰি৷
এনে কিছুমান সহজলভ্য শাক পাছলি,ফল-মূল যেনে –বিলাহী,আমলখি,হালধি,নহৰু,কাঠফুলা,পিঁয়াজ,আলু,বেঙেনা,গাজৰ,ফুলকবি,বন্ধাকবি,বিনজাতীয় পাছলি,ৰঙালাউ,নৰা বগৰী,পালেংশাক,তৰমুজ,জলফাই,ক’লাজামু,আহোম বগৰী,ব্ৰকলি,কমলা,ৰঙা আঙুৰ,আপেল,আদা,ঘেঁহু,ছয়াবিন,ক’লা তুলসী,আম,অমিতা,মৌ,ছালকুঁৱৰী,গুলঞ্চ,নয়নতৰা,অনন্তমূল,ডালিম আদি দৈনন্দিন খাদ্য তালিকাৰ অন্তৰ্ভূক্ত কৰিলে আমি কেঞ্চাৰ সহজেই প্ৰতিৰোধ কৰিব পাৰোঁ ৷
আহকচোন অলপ সচেতন হৈ কেঞ্চাৰ প্ৰতিহত কৰাৰ চেষ্টা কৰোঁ আৰু নিজে জীয়াই থকাৰ লগতে আন জনকো জীয়াই থাকিবলৈ সাহস যোগাও ৷