VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা প্ৰায় ৪০ শতাংশ লোক ‘এফাছিয়া’ নামৰ এক যোগাযোগ বিকাৰৰ সন্মূখীন হয়

হৃদৰোগ নাইবা ষ্ট্ৰোক হোৱা ৰোগীৰ মানসিক -শাৰিৰীক যোগাযোগ বিকাৰগ্ৰস্ততা দূৰ কৰিবলৈ সংগীতৰ সহায় লওঁক

voicedesk by voicedesk
December 31, 2022
in জীৱন
ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা প্ৰায় ৪০ শতাংশ লোক ‘এফাছিয়া’ নামৰ এক যোগাযোগ বিকাৰৰ সন্মূখীন হয়
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

সংগীত এনে এক মহৌষধ যি মানুহৰ শাৰিৰীক তথা মানসিক বহু ৰোগেই নাইকিয়া কৰিব পাৰে ৷ বিশেষকৈ মানসিক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সংগীতৰ ভূমিকা অপৰিসীম ৷ কিন্তু শেহতীয়াকৈ দ্য হেলথ চাইটত প্ৰকাশ পোৱা  লংজাম দিনেশ্বৰীৰ এক প্ৰতিবেদন অনুসৰি হৃদৰোগৰ ক্ষেত্ৰতো সংগীতৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা ৷ কিয়নো হৃদৰোগ নাইবা ষ্ট্ৰোক হোৱা ৰোগীৰ মানসিক -শাৰিৰীক আৰু যোগাযোগ বিচিন্নতা দূৰ কৰিবলৈ সংগীত হ’ব পাৰে এক মহৌষধ ৷

বিশ্বজুৰি সৰ্বাধিক মৃত্যুৰ কাৰণ হ’ল হৃদযন্ত্ৰৰ ৰোগ ৷  মূলতঃ ইস্কেমিক হৃদৰোগ আৰু ষ্ট্ৰোকৰ বাবে প্ৰতিদিনেই বহু লোকৰ মৃত্যু হয় । ষ্ট্ৰোকক ব্ৰেইন এটেক বুলিও কোৱা হয় ৷  তেজ জমা হোৱা বা ফাটি যোৱাৰ  বাবে যেতিয়া মগজুলৈ তেজৰ সোঁত বন্ধ হৈ যায় তেতিয়াই এই ষ্ট্ৰোক হয় ।  ষ্ট্ৰোকৰ ফলত  কেৱল মৃত্যু হোৱাই নহয়, ইয়াৰ ফলত জীৱিতসকলক পক্ষাঘাতগ্ৰস্ত কৰি পেলোৱাৰ লগতে তেওঁলোকৰ যোগাযোগৰ ক্ষমতাতো যথেষ্ট প্ৰভাৱ  পৰে।গুৰুত্বপূৰ্ণ কথা যে এই  ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা প্ৰায় ৪০ শতাংশ লোকে ‘এফাছিয়া’ নামৰ এক  যোগাযোগ বিকাৰৰ সন্মুখীন হয় যিয়ে তেওঁলোকৰ বাক্য, লিখা আৰু কথিত বা লিখিত ভাষা বুজি পোৱা বা সৃষ্টি কৰাৰ ক্ষমতাতো প্ৰভাৱ পেলায়।এই  ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা আধা সংখ্যকৰ ক্ষেত্ৰতেই ষ্ট্ৰোকৰ পিছত এবছৰলৈকে এই ভাষাৰ অক্ষমতা থাকে, যাৰ ফলত তেওঁলোকৰ জীৱনৰ মানদণ্ডত প্ৰভাৱ পৰে আৰু আনকি সামাজিক বিচ্ছিন্নতাও দেখা দিয়ে।এই প্ৰতিবেদন অনুসৰি এই ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা লোকসকলৰ ভাষাৰ কাৰ্য্যক্ষমতা আৰু মানসিক-সামাজিক সুস্থতা উন্নত কৰাত সহায় কৰিবলৈ  সংগীত  সহায়ক হ’ব পাৰে বুলি  জানিবলৈ দিছে হেলচিংকি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ।পোষ্ট ডক্টৰেট গৱেষক চিনি-টুলি চিপনকোস্কিকে ধৰি গৱেষণা দলটোৱে জনোৱা মতে, কেৱল সাংগীতিক  পুনৰ্বাসনে এই ৰোগীসকলক বহুখিনি  উপকৃত কৰিব পাৰে ৷ আনহাতে তেওঁলোকৰ পৰিয়ালৰ যত্ন লোৱা লোকসকলকো উপকৃত কৰিব পাৰে দলীয় সাংগীতিক পুনৰ্বাসনে ।

গৱেষক ড০আনি পিক নিমি (Anni Pitk niemi)ৰ মতে, তেওঁলোকে এফাছিয়া বিকাৰগ্ৰস্ত লোকসকলক চিকিৎসা কৰাৰ সময়ত  কেৰল গায়ন, মেলোডিক ইনট’নেচন থেৰাপী, গায়ন প্ৰশিক্ষণ আদিৰ দৰে বিভিন্ন ধৰণৰ সাংগীতিক উপাদান ব্যৱহাৰ কৰে। যাৰ  পৰিচালনা কৰে এজন প্ৰশিক্ষিত সংগীত চিকিৎসক আৰু এজন প্ৰশিক্ষিত কয়েৰ (choir) পৰিচালকে।সাধাৰণতে এফাছিয়া চিকিৎসাৰ সময়ত  মেল’ডিক ইনট’নেচন থেৰাপী ব্যক্তিগত থেৰাপী হিচাপে ব্যৱহাৰ কৰা হয়। ই ৰোগী গৰাকীক গায়কীৰ পৰা বাক্য উৎপাদনৰ দিশত আগবাঢ়ি যাবলৈ প্ৰশিক্ষণ দিয়া হয় ।  হেলচিংকি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মত প্ৰকাশ কৰিছে যে দলীয় সাংগীতিক পুনৰ্বাসন স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত  এফাছিয়াগ্ৰস্ত লোকৰ চিকিৎসাৰ এক  অংশ হ’ব লাগে।

উল্লেখযোগ্য যে বৰ্তমান সময়ত  উচ্চ ৰক্তচাপক ষ্ট্ৰোকৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি বুজা যায়। অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপৰ ফলত আপোনাৰ মগজুৰ ৰক্তবাহী নলী ফাটি যাব পাৰে, যাক হেমৰ হেজিক ষ্ট্ৰ’ক ( Hemorrhagic stroke) বুলি জনা যায়। যদি আপোনাৰ ৰক্তচাপ ধাৰাবাহিকভাৱে ১৩০/৮০ মিলিমিটাৰ পাৰাপাৰচেণ্ট বা তাতকৈ বেছি হয়, তেন্তে চিকিৎসকৰ সৈতে কথা পতা অত্যন্ত জৰুৰী।

ধূমপান,ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। আনহাতে  ধঁপাতত থকা নিকোটিনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ধূমপানৰ ফলত ধমনী বেৰত চৰ্বিযুক্ত পদাৰ্থ জমা হ’ব পাৰে। ইফালে চিগাৰেটৰ ধোঁৱাত থকা ৰাসায়নিক পদাৰ্থই তেজ ঘন কৰি তেজ গোট মৰাব পাৰে। অতিৰিক্ত  ওজনৰ বাবেও ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা অধিক হ’ব পাৰে। বয়স বঢ়াৰ লগে লগে মানুহৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ডায়েবেটিছ আৰু হৃদৰোগ, অনিয়মিত হৃদস্পন্দন আদিয়েও এজন ৰোগীৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে । ইয়াৰ উপৰিও কিছুমান বিশেষ ঔষধ যেনে তেজ পাতল কৰা ঔষধ, হৰম’ন থেৰাপী, জন্ম নিয়ন্ত্ৰণ বড়িৰ ব্যৱহাৰ আদিয়েও ষ্ট্ৰোকৰ সম্ভাৱনা অধিক কৰি তোলে ।

গতিকে সদায় সাৱধান হওঁক আৰু এই ভয়াবহ ৰোগৰ পৰা নিজকে আতৰাই ৰাখক ৷

 

Previous Post

২০২২ বৰ্ষৰ জনপ্ৰিয় ভাৰতীয় তাৰকাৰ তালিকাত কোন ?

Next Post

আমেৰিকাৰ এবিচি নিউজত সন্ধিয়াৰ বাতৰি সম্প্ৰচাৰ কৰা প্ৰথম মহিলা এংকৰ বাৰ্বাৰা ৱালটাৰ্ছৰ দেহাৱসান

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আমেৰিকাৰ  এবিচি নিউজত  সন্ধিয়াৰ বাতৰি সম্প্ৰচাৰ কৰা  প্ৰথম মহিলা এংকৰ বাৰ্বাৰা ৱালটাৰ্ছৰ দেহাৱসান

আমেৰিকাৰ এবিচি নিউজত সন্ধিয়াৰ বাতৰি সম্প্ৰচাৰ কৰা প্ৰথম মহিলা এংকৰ বাৰ্বাৰা ৱালটাৰ্ছৰ দেহাৱসান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7