বৰ্তমানলৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰায় সকলো শিক্ষাৰ্থীয়েই এইবাৰৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে।
মুঠ ২,০৯,৭৮,১২৮ জন শিক্ষাৰ্থীৰ প্ৰায় ৯৯.০৪ শতাংশই উত্তীৰ্ণ হৈছে। যোৱা বছৰৰ ৯১.৪৬ শতাংশৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৮ শতাংশতকৈ অধিক।
প্ৰায় ২৬,৮৪১ জনে ব্যক্তিগত মোডত নামভৰ্তি কৰিছে যাৰ বাবে ফলাফল বাহিৰ হোৱা নাই। লগতে ১৬৬৩৯ জন শিক্ষাৰ্থীৰ ফলাফল প্ৰক্ৰিয়া চলি আছে।
এইবাৰৰ ফলাফলত ৯০ শতাংশতকৈ অধিক নম্বৰ পোৱা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰায় ২,০০,৯৬২ জন শিক্ষাৰ্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। আনহাতে মুঠ ৫৭,৮২৪জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে।
অঞ্চল অনুসৰি ত্ৰিবান্দ্ৰমে শীৰ্ষস্থান অধিকাৰ কৰিছে। ত্ৰিবান্দ্ৰমে কেৱল অঞ্চলবোৰৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা নাই। সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ৯৯.৯৯ শতাংশৰে ইয়াৰ ফলাফলো বৰ্তমানলৈকে শ্ৰেষ্ঠ। ইয়াৰ পাছতেই বাংগালোৰে ৯৯.৯৬ শতাংশ উত্তীৰ্ণৰ সৈতে দ্বিতীয় স্থান অধিকাৰ কৰিছে।
ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰতকৈ ০.৩৫ শতাংশ অধিক। পঞ্জীয়ন কৰা ছাত্ৰীৰ প্ৰায় ৯৯.২৪ শতাংশ উত্তীৰ্ণ হৈছে। আনহাতে ল’ৰাৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯৮.৮৯ শতাংশ। আনহাতে পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা সকলো ট্ৰেন্সজেণ্ডাৰ শিক্ষাৰ্থীয়েই উত্তীৰ্ণ হৈছে।
চিবিএছইয়ে ২১.৫ লাখতকৈও অধিক শিক্ষাৰ্থীৰ বাবে এক সংযুক্ত মাৰ্কশ্বীট তথা প্ৰমাণপত্ৰ জাৰী কৰাৰ সিদ্ধান্ত লৈছে। সাধাৰণতে মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ দুটা পৃথক নথিপত্ৰ। এই বছৰ মেধা তালিকা বা ০.১ মেধা তালিকাও প্ৰকাশ কৰা নহ’ব।
অঞ্চল অনুসৰি উত্তীৰ্ণৰ শতাংশ এনে ধৰণৰ-
ত্ৰিবান্দ্ৰম – ৯৯.৯৯ শতাংশ
বাংগালোৰ – ৯৯.৯৬ শতাংশ
চেন্নাই – ৯৯.৯৪ শতাংশ
পুনে – ৯৯.৯২ শতাংশ
আজমীৰ – ৯৯.৮৮ শতাংশ
পঞ্চকুলা – ৯৯.৭৭ শতাংশ
পাটনা – ৯৯.৬৬ শতাংশ
ভুৱনেশ্বৰ – ৯৯.৬২ শতাংশ
ভূপাল – ৯৯.৪৭ শতাংশ
চণ্ডিগড় – ৯৯.৪৬ শতাংশ
ডেৰাডুন – ৯৯.২৩ শতাংশ
প্ৰয়াগ্ৰাহ – ৯৯.১৯ শতাংশ
নয়ডা – ৯৮.৭৮ শতাংশ
দিল্লী পশ্চিম – ৯৮.৭৪ শতাংশ
দিল্লী পূব – ৯৭.৮০ শতাংশ
গুৱাহাটী – ৯০.৫৪ শতাংশ