দেশৰ ভিতৰতেই বিমান, জাহাজ, ট্ৰেইন অথবা বাচত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশ জাৰি কৰিছে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে। নতুন নিৰ্দেশাৱলীৰ মতে যাত্ৰীসকলে সম্পূৰ্ণৰূপে কৰ’না প্ৰতিৰোধী এপ্ৰণ পিন্ধাৰ কোনো প্ৰয়োজন নাই। আনহাতে আৰোগ্য সেতু এপটো ডাউনল’ড কৰি ৰাখিবলৈহে পৰামৰ্শ দিয়া হৈছে।লগতে থাৰ্মেল স্কেনাৰৰ উচিত ব্যৱহাৰৰ ক্ষেত্ৰতো ধ্যান দিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।
উল্লেখ কৰা মতে কেন্দ্ৰই ৰাজ্য সমূহক নিৰ্দেশ দিছে যে কোনো লোকে যদি কৰ’নাৰ দুয়ো পালি ভেকচিন গ্ৰহণ কৰিছে আৰু কোনো লোকে যদি দ্বিতীয় পালি ভেকচিন লোৱাৰ ১৫ দিনৰ পাচত যাত্ৰা কৰিব বিচাৰে তেন্তে তেনে লোকক আৰ টি পি চি আৰ (Reverse Transcription Polymerase Chain Reaction)ৰ নিগেটিভ ৰিপৰ্টৰ বাবে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই।
আনহাতে যাত্ৰীসকলক সতৰ্ক কৰা হৈছে যে ক’ভিডৰ কোনো লক্ষণ নাথাকিলেও যাতে একেবাৰে নিশ্চিন্ত হৈ নাথাকে আৰু প্ৰত্যেকজন যাত্ৰীয়ে যাতে ক’ভিড বিধি মানি চলে। আনহাতে ভ্ৰমণ কৰি থকাৰ সময়ত যদি জ্বৰ ভাৱ আহে তেন্তে আগতীয়াকৈ টিকট পৰীক্ষক বা অন্য সহায়কাৰী লোকক জনোৱা উচিত। যদি গন্তব্য স্থান পোৱাৰ পাচত অৱস্থা সংকটজনক হয় তেন্তে ১০৭৫ নম্বৰত ফোন কৰি সংশ্লিষ্ট জনোৱা দৰকাৰ।
উল্লেখ্য যে বিমানবন্দৰ , ষ্টেচন , বাচ ষ্টেণ্ড আদি ঠাইত প্ৰতি মুহূৰ্ততে ক’ভিড সতৰ্কতা জাৰি কৰিবলৈও নিৰ্দেশ দিয়া হৈছে । আনহাতে পৰিবহণৰ বাবে সাজু হোৱা সকলো যাত্ৰীকে চেনিটাইজ কৰাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও সকলো যাত্ৰীৰ বাবে থাৰ্মেল স্ক্ৰিনিংৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে চাৰকাৰে।
আনহাতে কোনো বিশেষ ৰাজ্যৰ ক্ষেত্ৰত যদি প্ৰবেশৰ সময়ত বিশেষ পৰীক্ষাৰ প্ৰয়োজন হয়, তেন্তে সেই কথা আগতীয়াকৈ জনাবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। উল্লেখ্য যে গন্তব্য স্থান পোৱাৰ পাচত কোনো যাত্ৰীৰ ক’ভিড উপসৰ্গই দেখা দিলে Rapid Antigen Test ৰ ব্যৱস্থা কৰি ৰখা তথা তৎমুহূৰ্ততে কৰাটো অত্যন্তই প্ৰয়োজনীয়।