বজাৰৰ মোনাটোত অন্যান্য শাক-পাচলিৰ লগতে এমুঠিমান সেউজীয়া জলকীয়া বহুতে আনে । সোৱাদৰ বাবেও বিভিন্ন ব্যঞ্জনত জলকীয়া যোগ দিয়া হয় ৷ গতিকে কিন্তু ফ্ৰীজত প্ৰচুৰ পৰিমাণে জলকীয়া বহু সময় ধৰি ৰাখিলে পচি যায়। বহুতে কয় যে জলকীয়াৰ ঠাৰি আঁতৰাই ৰাখিলে এই সমস্যাটো অলপ ৰোধ কৰিব পাৰি। তাৰ পাছতো জলকীয়া যদি পচি যায়, তেন্তে কি কৰিব?
১) বাহিৰৰ পৰা বতাহ সোমাব নোৱাৰা পাত্ৰত জলকীয়া ৰাখিব। ই জলকীয়াবোৰ বহুদিনলৈ সতেজ কৰি ৰাখিব।
২) এলুমিনিয়াম ফয়েলত থকা যিকোনো বস্তু বহুদিনলৈ ভালে থাকে । জলকীয়া বেছি দিন সতেজ কৰি ৰাখিবলৈ এলুমিনিয়াম ফয়েলত মেৰিয়াই ফ্ৰীজত থৈ দিব।
৩) পলিথিন বেগত জলকীয়া কেতিয়াও নাৰাখিব ৷ তেনে কৰিলে জলকীয়া সহজে পচিব পাৰে।
৪) জলকীয়া কিনাৰ সময়ত সাৱধানে কিনিব লাগে। ভাল জলকীয়াৰ মাজত থকা এটা পচা জলকীয়াইয়ো আটাইখিনি জলকীয়া নষ্ট কৰিব পাৰে ৷
৫) বজাৰৰ পৰা জলকীয়া কিনি ধুই ভালকৈ শুকুৱাই ফ্ৰীজত থৈ দিব। জলকীয়াৰ ওপৰত এটোপাল পানী থাকিলেও পচি যাব পাৰে।