কন্যাকুমাৰীত অক্ষী ঘূৰ্ণীবতাহৰ সময়ত আবদ্ধ হৈ পৰা এটা বিদেশী চিনেৰিয়াছ শগুণক পুনৰুদ্ধাৰৰ চেষ্টা চলাই প্ৰথমবাৰৰ বাবে সফল হ’ল ভাৰত ৷পাঁচ বছৰ ধৰি তামিলনাডু বন্যপ্ৰাণী কৰ্তৃপক্ষই লালন-পালন কৰাৰ পিছত এই বিদেশী চিনেৰিয়াছ শগুণটোক ৰাজস্থানৰ এনে এটা স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে যি স্থানলৈ শীতকালত অন্যান্য চিনেৰিয়াছ শগুণবোৰেও প্ৰব্ৰজন কৰে।
দ্য নিউজ ইণ্ডিয়ান এক্সপ্ৰেছৰ যোগেদি প্ৰকাশ পোৱা তথ্য অনুসৰি বৃহস্পতিবাৰে ২০১৭ চনত উদ্ধাৰ কৰাৰ সময়ত পোৱালি হৈ থকা সেই চৰাইটোক এয়াৰ ইণ্ডিয়াৰ বিমানেৰে সযতনে কন্যাকুমাৰীৰ পৰা ২৬০০ কিলোমিটাৰ দূৰত্বত থকা যোধপুৰৰ মাচিয়া বায়’লজিকেল পাৰ্কলৈ উৰুৱাই দিয়া হয়। মুখ্য বন্যপ্ৰাণী বিষয়া শ্ৰীনিবাস ৰামচন্দ্ৰ ৰেড্ডীয়ে কয় যে শগুনটোক জৈৱিক উদ্যানখনত দুসপ্তাহমানৰ বাবে বৃহৎ পৰিসৰত ৰখা হ’ব আৰু তাৰ পিছত যোধপুৰ চহৰৰ বাহিৰৰ গৰু মৃতদেহ পেলোৱা ঠাই ‘কেৰু’ত মুকলি কৰি দিয়া হ’ব ।কেৱল অন্যান্য চিনেৰিয়াছ শগুণৰ উপস্থিতিৰ বাবেই নহয়, খাদ্য সহজে উপলব্ধ হোৱাৰ বাবেও কেৰু শগুণৰ বাবে উপযুক্ত ঠাই ।
চিনেৰিয়াছ ভলচাৰ মূলতঃ ইউৰোপৰ উত্তৰ অংশ আৰু চাইবেৰিয়ান অঞ্চলৰ। ইহঁতে হিমালয়ৰ ওপৰেৰে উৰি ইৰাণ, পাকিস্তান আৰু ভাৰতৰ উত্তৰ অংশলৈ আহে। অৱশ্যে ইহঁতে তামিলনাডু খুব কমেইহে ভ্ৰমণ কৰে যদিও ইয়াৰ পূৰ্বে কেইবছৰমান আগতে ময়ৰ আৰু কোথাগিৰিত দেখা গৈছিল। বিদেশী যদিও এই শগুনবোৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিৰ অধীনত তালিকাভুক্ত বিপন্ন প্ৰজাতি।
পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব সুপ্ৰিয়া চাহুৱে কয় যে ই এটা অতি বিশেষ অভিযান। ২০১৭ চনত উদ্ধাৰ কৰাৰ পিছত প্ৰায় চাৰি বছৰ পিঞ্জৰাত ৰখা হৈছিল যদিও শেষত বছৰটোত ইয়াক পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা হৈছিল।
যোৱা ৩০ অক্টোবৰত পথেৰে চেন্নাইৰ ভাণ্ডালুৰ চিৰিয়াখানালৈ শগুনটো অনা হৈছিল আৰু বৃহস্পতিবাৰে উৰাজাহাজেৰে যোধপুৰলৈ ইয়াক প্ৰেৰণ কৰা হয়।