ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ তথা অসম চৰকাৰৰ পৰিবহণ বিভাগে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰা যি জৰিমনা সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া পৰৱৰ্তী দুমাহৰ বাবে স্থগিত ৰখা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ পৰিবহণ বিভাগ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকৰ পিছতে এই কথা সদৰী কৰিছে।
বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি পৰৱৰ্তী দুমাহ পৰ্যন্ত পৰিবহণ বিভাগে জৰিমনা সংগ্ৰহ কৰিব নোৱাৰিব।
মুখ্যমন্ত্ৰী গৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক আন্তঃগাঁথনিমূলক কামসমূহ তাৎক্ষণিক ভাবে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে পৰিবহণ বিভাগক সজাগতা মূলক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহকে ধৰি প্ৰধান পথসমূহত থকা দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি সেইসমূহত পৰ্যাপ্তসংখ্যক পথ নিৰ্দেশনা ফলক স্থাপন, ঘাইপথসমূহৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই স্থানসমূহত দৃশ্যমান ৰূপত পথ নিৰ্দেশনা ফলক স্থাপনৰ ব্যৱস্থা আৰু এনে স্পৰ্শকাতৰ এলেকাসমূহত উপযুক্ত গতিৰোধক নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
লগতে ৰাজ্যৰ ঘাইপথ আৰু ছাৰ্ভিচ ৰোড তথা উপপথসমূহৰ সংযোগস্থলসমূহতো এনেধৰণৰ নিৰ্দেশনা ফলক তথা গতিৰোধক স্থাপনৰ কাম অহা ৩ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
পৰিবহণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জৰিমনা সংগ্ৰহ কৰা সিদ্ধান্তক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৈঠকৰ জৰিয়তে লোৱা সিদ্ধান্তই অসমৰ সাধাৰণ জনতাক কিছু পৰিমানে সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।