চাহ আৰু কফি খাই বেয়া পোৱা মানুহ হয়তো খুব কম। কফি শৰীৰৰ বাবে বহু ক্ষেত্ৰত উপকাৰী। কফি খালে মানসিক উদ্দিগ্নতাৰ উপশম হোৱাৰ লগতে ছালৰ সৌন্দৰ্যও বৃদ্ধি পায় ।
কফি সাধাৰণতে গাখীৰৰ লগত খোৱা হয় আৰু বহুতো লোকে বিনা চেনি আৰু গাখীৰৰেও কফি সেৱন কৰে। কিন্তু বহুতে হয়তো নাজানে যে কফি বাটাৰৰ লগত খালেও বহুতো সুফল পোৱা যায়। ব্ৰেড বা ৰুটি-পৰঠা আদিৰ লগত বাটাৰ খোৱাৰ উপৰিও কফিৰ লগত বাটাৰ খাব পৰা যায় ।
কফিৰ লগত বাটাৰ মিশ্ৰণ কৰি খালে তাৰ পৰা পোৱা সুফলসমূহ হৈছে –
- কফি আৰু বাটাৰ একেলগে খালে শৰীৰে বহুত শক্তি পায়। এই মিশ্ৰণ টোত কিট’নছ (Ketones) পোৱা যায় যি শৰীৰৰ বাবে বহুত উপকাৰী।
- শৰীৰৰ স্থুলতা কম কৰিবৰ বাবেও কফি আৰু বাটাৰ একেলগে মিশ্ৰণ কৰি খাব পৰা যায়।ই শৰীৰটোক স্বাস্থ্যবান কৰি ৰখাত সহায়ক হয়। সতেজ বাটাৰ দৰাচলতে স্বাস্থ্যৰ বাবে সিমান অপকাৰী নহয়।
- কফি আৰু বাটাৰ একেলগে খালে হৃদযন্ত্ৰ শক্তিশালী হৈ থাকে। এই মিশ্ৰণটোত ভিটামিন কে পোৱা যায় যিয়ে হৃদযন্ত্ৰৰ বহু সমস্যা দূৰ কৰে।
- কৌষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো কফি আৰু বাটাৰ অতি উপযোগী। কফি আৰু বাটাৰ মিশ্ৰণত পোৱা কেমিকেল কৌষ্ঠকাঠিন্য দূৰ কৰাত সহায়ক হয়।
- কফি আৰু বাটাৰ একেলগে খালে বহু সময়লৈ ভোক লগাৰ প্ৰৱণতা নাহে।