বিবাহত যৌন সম্পৰ্কৰ সংজ্ঞা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণত কেৰালা উচ্চ ন্যায়ালয়ে মন্তব্য কৰে যে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন কাৰ্য “বৈবাহিক ধৰ্ষণ”ৰ নামান্তৰ আৰু বিবাহ বিচ্ছেদ দাবী কৰাৰ এক উপযুক্ত ভিত্তি।
ন্যায়াধীশ এ মুহাম্মাদ মুস্তাক আৰু ন্যায়াধীশ কাউচাৰ এডাপ্পাগাথক লৈ গঠিত এখন বিচাৰপীঠে নিষ্ঠুৰতাৰ ভিত্তিত পত্নীৰ বিবাহ বিচ্ছেদৰ আবেদনক অনুমতি প্ৰদান কৰি এই কথা উল্লেখ কৰে। গোচৰত পাৰিবাৰিক আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই কৰা স্বামীৰ আবেদন খাৰিজ কৰা হয়।
উক্ত গোচৰত স্বামীৰ ধন-সম্পত্তি আৰু যৌনতাৰ প্ৰতি থকা অতৃপ্ত আগ্ৰহে পত্নীক বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰিছিল। আদালতে মন্তব্য কৰে যে স্বামীৰ লম্পট আৰু চৰিত্ৰহীন আচৰণক স্বাভাৱিক দাম্পত্য জীৱনৰ অংশ হিচাপে গণ্য কৰিব নোৱাৰি।
সেয়েহে, পতি বা পত্নীৰ ধন আৰু যৌন সম্ভোগৰ প্ৰতি অতৃপ্ত আৰু অস্বাভাৱিক আগ্ৰহক নিষ্ঠুৰতাৰ সমান বুলি ক’বলৈ কোনো দ্বিধা নাই বুলি বিচাৰপীঠে মন্তব্য কৰে।
বিচাৰপীঠে লগতে কয় যে স্বামী বা স্ত্ৰীয়ে উভয় পক্ষৰ মন আৰু শৰীৰক সন্মান জনালেহে তেওঁৰ সমগ্ৰ সত্বাক সন্মান জনোৱা হ’ব। শাৰীৰিক সত্বাক অসন্মান বা অপমান হৈছে ব্যক্তিসত্বাৰ অপমান।
বৈবাহিক ধৰ্ষণক বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে দণ্ডবিধি আইনৰ অধীনত স্বীকৃতি দিয়া নহয়, কিন্তু একেটা কাৰণকে নিষ্ঠুৰতা হিচাপে স্বীকৃতি দি বিবাহ বিচ্ছেদৰ অনুমতি পাব পাৰি।
আদালতে উল্লেখ কৰে যে এই গোচৰটোত এগৰাকী পত্নীৰ সংগ্ৰামৰ কাহিনী উপস্থাপন কৰা হৈছে য’ত তেওঁ আইনৰ কবলত থাকিও আইনী বন্ধনত কষ্ট পাব লগা হোৱা নাই।
স্বামীৰ ধন আৰু যৌনতাৰ প্ৰতি থকা অতৃপ্ত আগ্ৰহে মহিলাগৰাকীক দুখত পেলাইছিল। স্বামীৰ সংগ ত্যাগ কৰিবলৈ তেওঁ সকলো আৰ্থিক দাবী ত্যাগ কৰিছিল।
উল্লেখনীয় যে বিবাহ বিচ্ছেদৰ বাবে তেওঁৰ কান্দোন এক দশকৰো অধিক সময় প্ৰায় ১২ বছৰ ধৰি বিচাৰাধীন হৈ আছিল।
“সম্ভৱতঃ তাইৰ চকুপানীৰ বাবে আমি দায়বদ্ধ। আমি দেখিছো যে এইটো এটা অকলশৰীয়া উদাহৰণ নহয়,” আদালতে ৰায়দান কৰি এই মন্তব্য কৰে।
আড়ম্বৰপূৰ্ণ আৰু সুখবাদী জীৱনশৈলী আৰু সংস্কৃতিয়ে আমাৰ দৃষ্টিভংগীলৈ স্পষ্ট পৰিৱৰ্তন কঢ়িয়াই আনিছে। ন্যায়ালয়ে উল্লেখ কৰে যে বিবাহৰ ধাৰণাটো একে কথাই প্ৰতিফলিত হৈছে। যদি বিবাহত ব্যক্তি বা সমাজে পালন কৰিব লগা মূল্যবোধ প্ৰতিফলিত নকৰাকৈ কেৱল সামাজিক মৰ্যদাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, তেতিয়া আমি বিবাহৰ বাবে প্ৰয়োজনীয় মৌলিক ধাৰণা হেৰুৱাই পেলাম।
এই নিৰ্দিষ্ট বিচাৰটোৰ ক্ষেত্ৰত স্বামী এজন যোগ্য চিকিৎসক আছিল যদিও তেওঁ চিকিৎসা বৃত্তি এৰি ব্যৱসায়ৰ জৰিয়তে ধন আহৰণত গুৰুত্ব আৰোপ কৰিছিল। পত্নীৰ পৰিয়ালৰ পৰা তেওঁ বৃহৎ পৰিমাণৰ আৰ্থিক সাহাৰ্যৰ লগতে স্থাৱৰ সম্পত্তিও দাবী কৰিছিল। বিবাহ বিচ্ছেদৰ প্ৰতি সঁহাৰি জনাই আদালতে লক্ষ্য কৰে যে উক্ত গোচৰত স্বামীয়ে পত্নীক ধন ঘটাৰ এক যন্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰিছিল।
বিচাৰপীঠে লক্ষ্য কৰি কয় যে “বৈবাহিক সম্পৰ্ক হৈছে সন্তুষ্টিৰ বিষয়। ঘৰত সম্প্ৰীতি থাকিলেহে বিবাহত সন্তুষ্টি থাকে। পাৰস্পৰিক সন্মান আৰু বিশ্বাসৰ জৰিয়তে সম্প্ৰীতি বিকশিত হয়।”
আদালতে মন্তব্য কৰে যে বিবাহিত জীৱনত যৌনতা স্বামী-স্ত্ৰীৰ অন্তৰংগতাৰ প্ৰতিফলন। এই ক্ষেত্ৰত ইচ্ছাৰ বিৰুদ্ধে যৌন বিকৃতিৰ সন্মুখীন হ’বলগীয়া হোৱা মানে বিবাহত এজনে আনজনৰ ক্ষতি কৰা। আইনে আদালতৰ দ্বাৰা বিবাহ বিচ্ছেদ অস্বীকাৰ কৰি স্বামী বা স্ত্ৰীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে ভুগিবলৈ বাধ্য কৰিব নোৱাৰে।