সমগ্ৰ বিশ্বজুৰি বসন্ত ৰোগৰ দৰে বিয়পিব ক‘ভিড -১৯ ৰ ডেলটা ভেৰিয়েন্ট। প্ৰতিষেধক লোৱা বা নোলোৱা সকলো লোকলৈ বিয়পিব পাৰে এই ভাইৰাছ।
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (CDC) তথ্য অনুসৰি ইতিমধ্যে ভাৰতত প্ৰথমটো ডেলাটা ভেৰিয়েন্টৰ প্ৰজাতি ধৰা পৰাৰ কথা প্ৰকাশ হোৱাৰ লগতে এই কথাও সদৰি কৰিছে যে ক‘ভিড -১৯ ৰ প্ৰতিষেধক লোৱা বা নোলোৱা সকলো লোকেই এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে।
বৃহস্পতি বাৰে দ্যা ৱাছিংটন পষ্ট ত প্ৰকাশ পোৱা এক খবৰত ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সঞ্চালক ডাঃৰ‘ছেল ৱালেস্কাই কয় যে বসন্ত ৰোগৰ লক্ষণৰ দৰে একে এই ডেল্টা ভেৰিয়েন্ট ভাইৰাছে মানুহৰ খাদ্যনলী আৰু নাকেৰে প্ৰৱেশ কৰি অন্য এজন লোকৰ দেহত সংক্ৰমিত হ‘ব আৰু ই প্ৰতিষেধক লোৱা বা নোলোৱা সকলোৰে দেহত আক্ৰমণ কৰিব।
ইফালে দ্যা নিউৱৰ্ক টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি এই ডেল্টা ভেৰিয়েন্ট ভাইৰাছ পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত অন্য এজন লোকৰ দেহলৈ অতি সহজে সংক্ৰমিত হ‘ব আৰু ই মাৰ্চ,চাৰ্চ ,ইবলা , ভাইৰেল জ্বৰ, সৰুআই ৰ ভাইৰাছতকৈ দুগুণ শক্তিশালী হ‘ব।
১৯৭৭ চনত শেষ বাৰৰ বাবে ভাৰতবৰ্ষত বৰ আই হোৱাৰ তথ্য পোৱা যায় যদিও মাজু বা সৰু আইৰ ভাইৰাছৰ পৰা এই পৰ্যন্ত দেশবাসী শংকামুক্ত হ‘ব পৰা নাই। কেতিয়াবা প্ৰাণনাশী হৈ পৰা বসন্ত ৰোগৰ পাদুৰ্ভাৱ বৰ্তমানেও সমগ্ৰ দেশজুৰি আছে। তেনেক্ষেত্ৰত বসন্ত ৰোগ সদৃশ ডেলটা ভেৰিয়েন্টৰ এই নতুন প্ৰজাতিক লৈ দেশবাসী অধিক শংকিত হৈ পৰিছে।