এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ তুলনাত ২০২০ বৰ্ষৰ পৰা মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৰাষ্ট্ৰজুৰি হ্ৰাস পাইছে। ১৯ খন মেট্র’পলিটান চহৰত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ২১.১ শতাংশ হ্রাস পোৱাৰ বিপৰীতে দেশজুৰি ২০১৯ৰ তুলনাত ২০২০ত এনে অপৰাধ ৮.৩ শতাংশ হ্রাস পাইছে।
কোভিড ১৯ৰ প্ৰাদুৰ্ভাৱৰ দুৰ্ভাগ্যজনক সময়ছোৱাত ২০২০ বৰ্ষত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২৮,১৫৩ টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২৮,০৪৬ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। মুঠ ভুক্তভোগীৰ ভিতৰত ২৫,৪৯৮ জন প্ৰাপ্তবয়স্ক আছিল। আনহাতে ২,৬৫৫ জন ১৮ বছৰৰ কম বয়সৰ আছিল।
এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি ২০২০ত দেশজুৰি গড়ে ৭৭টা ধর্ষণৰ ঘটনা সংঘটিত হৈছিল। আনহাতে মুঠ ধর্ষণৰ ঘটনা আছিল ২৮,০৪৬টা। প্ৰতিবেদন অনুসৰি ২০২০ত দেশজুৰি মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা সংঘটিত হৈছে ৩,৭১,৫০৩টা। আনহাতে ২০১৯ চনত এই সংখ্যা আছিল ৪,০৫,৩২৬ টা আৰু ২০১৮ ত ৩,৭৮,২৩৬ টা।
ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ত নিৰ্ধাৰণ কৰা অনুসৰি দেশত ধৰ্ষণৰ ঘটনাৰ সংখ্যা ক্ৰম অনুসৰি ২০১৬ ত ৩৮,৯৪৭ টা, ২০১৭ ত ৩২,০৩৩ টা, ২০১৮ ত ৩৩,৩৫৬ টা আৰু ২০১৯ চনত ৩২,০৩৩ টা সংঘটিত হৈছিল। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত ২০২০ চনত ৰাজস্থানত সৰ্বাধিক ৫,৩১০ টা ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল। এই শাৰীত ক্ৰম অনুসৰি আছে, উত্তৰ প্ৰদেশ ২,৭৬৮ টা, মধ্য প্ৰদেশ ২,৩৩৯ টা, মহাৰাষ্ট্ৰ ২,০৬১ টা আৰু অসম ১,৬৫৭ টা। আনহাতে ৰাজধানী দিল্লীত বছৰটোত ৯৯৭ টা এনে ধৰণৰ গোচৰ ৰুজু হৈছিল।
প্ৰতিবেদন অনুসৰি বিগত বৰ্ষত মহিলাৰ বিৰুদ্ধে হোৱা মুঠ অপৰাধৰ ভিতৰত সৰ্বাধিক ১,১১,৫৪৯ জন স্বামী বা আত্মীয়ৰ দ্বাৰা নিষ্ঠুৰতা শ্ৰেণীৰ অধীনত আছিল। আনহাতে অপহৰণ আৰু বলপূৰ্বক ধৰি লৈ যোৱা ঘটনা আছিল ৬২,৩০০ টা। এন চি আৰ বিৰ তথ্য অনুসৰি ৮৫,৩৯২ টা শালীনতা হানি কৰিবলৈ কৰা আক্ৰমণ আৰু ৩,৭৪১ টা ধৰ্ষণৰ চেষ্টাৰ ঘটনা সংঘটিত হৈছিল।
আনহাতে ২০২০ চনত সমগ্ৰ দেশত এচিড আক্ৰমণৰ ১০৫ টা ঘটনা সংঘটিত হৈছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তথ্য অনুসৰি ভাৰতত বিগত বছৰ ৭,০৪৫ জন ভুক্তভোগীৰ সৈতে যৌতুকত মৃত্যুৰ ৬,৯৬৬ টা ঘটনা সন্নিবিষ্ট কৰা হৈছে।
তাৎপর্যপূর্ণ যে তুলনামূলকভাবে দেশত অপহৰণৰ ঘটনা ১৯ শতাংশ হ্রাস পাইছে৷ এন চি আৰ বিয়ে প্রকাশ কৰা প্রতিবেদনত উত্তৰ প্রদেশত সর্বাধিক হত্যাৰ ঘটনা সংঘটিত হৈছে৷ দেশজুৰি সংঘটিত ২৯,১৯৩ ঘটনাৰ ভিতৰত উত্তৰ প্রদেশত ৩,৭৭৯টা ঘটনা সংঘটিত হৈছে৷ ইয়াৰ পাছতেই বিহাৰত ৩,১৫০, মহাৰাষ্ট্রত ২,১৬৩, মধ্যপ্রদেশত ২,১০১, পশ্চিমবংগত ১,৯৪৮টা হত্যাৰ ঘটনা সংঘটিত হৈছে৷
দেশৰ ৰাজধানী নতুন দিল্লীত অপৰাধমূলক ঘটনা ২০১৯ৰ তুলনাত ২০২০ত ১৬ শতাংশ হ্রাস পাইছে৷ প্রতিবেদন মতে, দিল্লীত ৪৭২টা হত্যাকাণ্ড সংঘটিত হৈছে৷ ২০১৯ত প্রতিদিনে ৭৯টা হত্যাকাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২০২০ত ৮০টা সংঘটিত হৈছে৷ অর্থাৎ এক শতাংশ হত্যাকাণ্ড বৃদ্ধি পাইছে৷