স্মাৰ্টফোন অহাৰ আগতে বেছিভাগ মানুহৰে ফোন নম্বৰ মনত ৰখাৰ অভ্যাস আছিল। জৰুৰীকালীন ফোন নম্বৰটো লিখি থৈছিল পূর্বে। কিন্তু স্মাৰ্টফোনৰ আধুনিক প্ৰযুক্তিৰ লগে লগে ফোন নম্বৰ মনত ৰখা তথা সেইবোৰ লিখাৰ প্ৰথাও নাইকিয়া হৈ গৈছে। গতিকে, যদি ফোনটো বেয়া হয়, তেন্তে সমস্যাৰ সৃষ্টি হয় ৷ সকলো উপযোগী নম্বৰ এবাৰতে ডিলিট হৈ যায়। আকৌ কাৰিকৰী ভুল হ’লেও ফোনটোৰ পৰা যোগাযোগ নম্বৰবোৰ ডিলিট হৈ যায় ৷ কিন্তু জানেনে, যদি ফোনটোৰ পৰা একাধিক নম্বৰ ডিলিট হয় তেন্তে সেইবোৰ ঘূৰাই পোৱাৰ উপায় আছে। নিয়ম জানিলে তৎক্ষণাত হেৰুৱা সকলো নম্বৰ উদ্ধাৰ কৰিব পাৰিব।
হেৰুৱা ফোন নম্বৰ উদ্ধাৰ কৰাৰ আটাইতকৈ সহজ উপায় কি?
যদি আপুনি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে তেন্তে ইয়াৰ সুবিধা বহুত। আপুনি হয়তো নাজানে যে আপোনাৰ সকলো যোগাযোগ নম্বৰ আপোনাৰ জিমেইল একাউণ্টৰ সৈতে সংযুক্ত। ফোনটো বেয়া হ’লে বা হঠাতে বন্ধ হ’লে চিন্তা নাই। আপুনি আন এটা ফোনত আপোনাৰ জিমেইল একাউণ্টত লগ ইন কৰি হেৰুৱা সকলো ফোন নম্বৰ পুনৰুদ্ধাৰ কৰিব পাৰিব। ফোনৰ পৰা নম্বৰটো ডিলিট হ’লেও গুগল ক্লাউডত ষ্ট’ৰ হৈ থাকিব।
১) প্ৰথমে আপোনাৰ জিমেইল একাউণ্টত লগ ইন কৰক।
২) সোঁফালে ৯টা বিন্দু দেখা পাব। তাত ক্লিক কৰক।
৩) বহুতো বিকল্প থাকিব। কনটেক্ট অপচন(contact option) ত গৈ তাত ক্লিক কৰক।
৪) এটা নতুন টেব খোল খাব। তাত সকলো নম্বৰ দেখা পাব।
৫) তলত ‘Trash’ বা ‘Bin’ এটা বিকল্প দেখা পাব। তাত ক্লিক কৰক।
৬) ‘Recovery’ বিকল্প থাকিব। ডিলিট কৰা নম্বৰবোৰ ঘূৰাই পাবলৈ ইয়াত ক্লিক কৰক।
অৱশ্যে দুই এটা কথা মনত ৰখা উচিত। প্ৰথমে নিশ্চিত হওক যে আপোনাৰ জিমেইলত ‘Two Factor Authentication’ অন কৰা হৈছে। জিমেইলত বহু ব্যক্তিগত তথ্য সংৰক্ষণ কৰা হয়। লগতে, আমি নেট বেংকিং বা যিকোনো অনলাইন এপৰ জৰিয়তে ধনৰ লেনদেন কৰাৰ সময়ত জিমেইল আইডি ব্যৱহাৰ কৰো। গতিকে জিমেইল হেক হ’লে সকলো তথ্য হেকাৰৰ হাতত সোমাব পাৰে। ফোন নম্বৰো। গতিকে সাৱধান হওক। সুৰক্ষাৰ বাবে আপোনাৰ জিমেইল পাছৱৰ্ড সঘনাই সলনি কৰক।
ফোন বেকআপৰ পৰাও নম্বৰটো লাভ কৰিব পাৰিব
ফোন ছেটিংছ অপচনলৈ যাওক। তাত ‘বেকআপ এণ্ড ৰিষ্ট’ৰ’লৈ যাওক। এইবাৰ আপুনি তাত থকা ‘Contact’ বিকল্পত ক্লিক কৰি হেৰুৱা সকলো নম্বৰ ঘূৰাই পাব।