ভাৰত বৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে অমিতা গছ হয়। অমিতাত খাদ্যপ্ৰাণ ‘ক’ , খাদ্যপ্ৰাণ ‘গ’ , লৌহ জাতীয় পদাৰ্থ , পেপেইন , প্ৰ’টিন , চৰ্বি , কাৰ্বহাইড্ৰেট , কেলচিয়াম , ফছফৰাছ আদি পোৱা যায়।
অমিতা এবিধ সুস্বাদু , শীতলকাৰক আৰু অতি সহজে হজম হোৱা এবিধ ৰসাল ফল হোৱাৰ উপৰিও অমিতাৰ আছে বহুত ঔষধি গুণ
১) অমিতা নিজেই সহজে হজম হোৱাৰ উপৰিও আন খাদ্য সহজে হজম কৰাব পাৰে অমিতাত থকা পেপেইন নামৰ ৰাসায়নিক পদাৰ্থবিধে।
২) অমিতা পিত্তৰোগৰ মহৌষধ।কলি অমিতা ২/৩ টা বাকলিৰ সৈতে মছলা নিদিয়াকৈ পানীত সিজাই অমিতাখিনি আহাৰৰ লগত দিনে দুবাৰকৈ একেৰাহে এমাহমান খালেই পিত্তৰোগ আৰোগ্য হয়।
৩) পকা অমিতাত যথেষ্ট পৰিমাণে আঁহ থাকে। শৌচ কঠিন হ’লে কেঁচা অমিতা আঞ্জা হিচাপে ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।
৪) অমিতাৰ ৮/১০ টা গুটিৰ লগত চাৰি ভাগৰ এক অংশ চামুচ চেনি মিহলি কৰি দিনে এবাৰকৈ তিনিদিন একেৰাহে খালে হাকোটা পেলু মৰে।
৫) কেঁচা অমিতা পানীত সিজাই দিনে এবাৰকৈ একেৰাহে ২৫/৩০ দিন খালে পেটত হোৱা ঘা শুকাই যায়।
৬) জণ্ডিচ ৰোগত যকৃত শক্তিশালী কৰিবৰ বাবে পকা অমিতা আৰু কেঁচা অমিতা দুয়োটাই উপকাৰী।
৭) অমিতাৰ ৰসে হাইজা বা কলেৰা ৰোগৰ বীজানু নাশ কৰে।
৮) গলধন বা ডিঙিৰ ৰোগত অমিতাৰ আঠা ব্যৱহাৰ কৰি সুফল পাব পাৰি।
৯) অমিতাৰ ৰস পনীয়া কৰি মুখ কুলকুলি কৰিলে টনচিল ভাল হয়।
১০) বিছাই ডাকিলে অমিতাৰ ৰস ৪/৫ টোপাল ব্যৱহাৰ কৰি সুফল পাব পাৰি।
১১) নিয়মীয়াকৈ অমিতা খালে কৰ্কট ৰোগ হ’ব নোৱাৰে। প্ৰতিদিনে ৫০ গ্ৰামকৈ পকা অমিতা বা কেঁচা অমিতা খোৱা ভাল।
১২) পকা অমিতাই ৰক্তহীনতা দূৰ কৰিব পাৰে।
১৩) পকা অমিতা ফেটি মুখমণ্ডলৰ ছালত সানিলে ছালত পৰা ক’লা দাগ উঠে আৰু ছালখন নিমজ কৰাত সহায় কৰে।