কৰ‘না ভাইৰাছৰ ডেল্টা ভেৰিয়েন্ট বৰ্তমান সমগ্ৰ বিশ্বৰ বাবেই এক চিন্তাৰ বিষয় হৈ পৰিছে । এই ভেৰিয়েন্টৰ বাবেই সমগ্ৰ বিশ্বতে দ্ৰুত গতিত আকৌ বাঢ়িবলৈ ধৰিছে সংক্ৰমণৰ সংখ্যা।বিশেষজ্ঞ সকলে প্ৰতি মূহুৰ্ততে এই ভেৰিয়েন্টৰ সংক্ৰমণৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে ।
চীনত হোৱা এক গৱেষণাৰ অন্তত গম পোৱা গৈছে যে ডেল্টা ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত এজন ব্যক্তিৰ নাকত সাধাৰণ কৰ’না ভাইৰাছতকৈ ১০০০ গুণ বেছি সংক্ৰমণাত্মক ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে । গৱেষণাৰ মতে ডেল্টা ভেৰিয়েন্ট চীনৰ য়ুহানৰ প্ৰকৃত ভেৰিয়েন্টতকৈ বহুত বেছি ভয়ংকৰ আৰু অপকাৰী ।
প্ৰাপ্ত তথ্যমতে এই ভেৰিয়েন্টত সংক্ৰমিত ব্যক্তিৰ দ্বাৰা বহু সোনকালে আৰু বেছি পৰিমাণে আন লোক আক্ৰান্ত হয়।ৰোগীৰ শৰীৰত এই ভাইৰাছ বহু বেছি পৰিমাণে থাকে। গৱেষকসকলে ৬২ জন সংক্ৰমিত লোকৰ ওপৰত এই পৰীক্ষা নিৰীক্ষা কৰিছিল।
বৰ্তমান সময়ত চীনত ডেল্টা ভেৰিয়েন্ট দ্ৰুত গতিত বৃদ্ধি পাইছে । যাৰ ফলত বহুতো ঠাইত লকডাউনো ঘোষণা কৰা হৈছে । আনহাতে জনসাধাৰণক এই ভেৰিয়েন্টৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । উল্লেখ্য যে ইয়াৰ আগতেও বিশ্ব স্বাস্থ্য সংস্থাই (WHO) এই ক্ষেত্ৰত এক প্ৰকাৰৰ সতৰ্কতামূলক জাননী জাৰি কৰিছিল ।
ডেল্টা ভেৰিয়েন্টৰ আগতে আমেৰিকাৰ আলফা ভেৰিয়েন্ট বিষয়ে সৰব চৰ্চা চলি আছিল । কিন্তু গৱেষণাৰ দ্বাৰা গম পোৱা গ’ল যে ডেল্টা ভেৰিয়েন্ট আলফা ভেৰিয়েন্টতকৈ ৫০% বেছি সংক্ৰমণাত্মক আৰু ভয়ংকৰ । উল্লেখযোগ্য কথা এই যে ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাচতো এই ভাইৰাছে সংক্ৰমণ ঘটাব পৰাৰ সম্ভাৱনা থাকে ।