যোৱা দুটা দিন নন্দিতা শইকীয়াৰ মৃত্যুৰ খবৰ চ’ছিয়েল মিডিয়াকে ধৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যদিও চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়ালৈকে ছাত্ৰী গৰাকীৰ মৃত্যুৰ সঠিক খবৰ দিয়া নাই।এতিয়াও ৰহস্যৰ আৱৰ্তত আছে নন্দিতাৰ মৃত্যুৰ প্ৰকৃত সত্য।
ধেমাজি নগৰৰ মাজমজিয়াত শনিবাৰে দিন-দুপৰতে এজন উন্মাদ যুৱকে মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু কাস্মীনা দত্তক উপৰ্যুপৰি দাৰে ঘপিয়াই গুৰুত্বৰভাৱে আহত কৰিছিল।
ইয়াৰপিছতে ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতেই নন্দিতা শইকীয়াৰ মৃত্যু হোৱা বুলি চ’ছিয়েল মিডিয়াকে ধৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যদিও চিকিৎসালয় কৰ্তৃপক্ষ ফালৰ পৰা মৃত্যুৰ কোনো নিশ্চয়তা দিয়া হোৱা নাছিল।
ঘটনা অনুসৰি ধেমাজি নগৰৰ মাজমজিয়াৰ এএছটিচি বাছ আস্থানৰ সমীপৰ জনসমাগমস্থলীত পিতৃৰ সৈতে ৰৈ থকা মহাবিদ্যালয় খনৰ স্নাতক বৰ্ষৰ ছাত্ৰীদ্বয়ক মহাবিদ্যালয়খনৰ কৰ্মচাৰী তথা লাইব্ৰেৰী বীয়েৰাৰ ৰিন্টু শৰ্মাই এখন দাৰে মূৰত ঘপিয়াই জখম কৰাৰ উপৰিও পিতৃকো আক্ৰমণ কৰি আহত কৰিছিল।
আহত তিনিওকে ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হ’য় যদিও মূৰ-পিঠিত তিনিটাকৈ দাৰ ঘাপ পৰা নন্দিতাক অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ব্ৰহ্মপুত্ৰ হাস্পাতালত ভৰ্তি কৰা হ’য়।
অন্য এক খবৰ অনুসৰি মূৰৰ পৰা অত্যাধিক ৰক্তক্ষৰণ হোৱা নন্দিতাৰ ভেন্টিলেচনত থকা অৱস্থাতেই মৃত্যু হ’য়।অৱশ্যে সন্ধিয়ালৈকে চিকিৎসালয় খনৰ পৰা মৃত্যু নিশ্চিতকৰণ তথ্য প্ৰকাশ নকৰাত এতিয়া যেন বিভ্ৰান্তিত পৰিছে সকলো ৰাইজ।
অন্য এক ঘনিষ্ঠ সূত্ৰৰ মতে মূৰত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নন্দিতাৰ শনিবাৰেই ব্ৰেইন ডেড হোৱা বুলি প্ৰকাশ কৰি কালি বিয়লি মৃত্যু হোৱা বুলি জানিবলৈ দিছিল।
ৰাজ্যজুৰি প্ৰতিবাদ হোৱা এই পাশৱিক ঘটনাৰ খলনায়ক ৰিন্টু শৰ্মাৰ উচিত শাস্তিৰ দাবী তুলি দেওবাৰে ছাত্ৰীদ্বয় অধ্যয়ন কৰি থকা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।আইনৰ সুৰুঙাৰে যাতে দোষী কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা লবলৈও চৰকাৰক দাবী উত্থাপন কৰে।
উল্লেখ যোগ্য যে এই জঘন্য ঘটনাটো ধেমাজি নগৰৰ মাজমজিয়াৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু সদৰ থানাৰ পৰা প্ৰায় এশ মিটাৰ দূৰত্বত সংঘটিত হৈছিল।তেনেক্ষেত্ৰত এতিয়া সকলোৱে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে।
ইফালে কালি বিয়পি পৰা নন্দিতাৰ মৃত্যু বাতৰিয়ে সমগ্ৰ ধেমাজিত এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।সমগ্ৰ অসমবাসীৰ লগতে ধেমাজিৰ সচেতন ৰাইজেও এই ঘটনাৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি অপৰাধীৰ উচিত শাস্তিৰ দাবি তুলিছে।
আনহাতে দেওবাৰে অপৰাধী ৰিন্টুক আদালতত হাজিৰ কৰাৰ পিছতেই আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে অপৰাধী জনক। আৰু আহত আনগৰাকী ছাত্ৰী আৰু পিতৃক ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিছে বুলি জানিব পৰা গৈছে।