হিন্দুধর্মত জীৱ-জন্তু আৰু চৰাইৰ বিষয়ে বহুতো অন্ধবিশ্বাস আছে। কিন্তু সেয়া সংস্কাৰ নে অন্ধবিশ্বাস তাক লৈ বহুত মতানৈক্য আছে। প্ৰাচীন কালৰে পৰা এই কথাবোৰ প্ৰচলিত হৈ আহিছে ৷ চাওঁ আহক এই ধাৰণাবোৰ কিমান দূৰ কাৰ্যকৰী হৈছে বা ভাগ্যৰ লগত সম্পৰ্ক আছে নে নাই।
১) আমি প্ৰায় সকলোৱে জানো যে ৰাতিপুৱা এটা শালিকা দেখাটো অশুভ, আনহাতে এযোৰ শালিকা দেখিলে ভাগ্য ঘূৰি আহে বুলি কোৱা হয় । এইটো সঁচা যে এটা শালিকা দেখাটো অশুভ, যুৰীয়া শালিকা দেখাটো মংগল।
২)গৰু পোহাটো অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। কোনো শুভ কামৰ পূর্বে যদি গৰুক খাদ্য খুৱালে কামটো সম্পূৰ্ণ হয় বুলি বিশ্বাস চলি আহিছে ৷
৩)ঘৰত কর্কশ মাতেৰে কাউৰীয়ে চিঞৰাটো অত্যন্ত অশুভ ৷ কাউৰীয়ে যদি শৌচ কৰে তেন্তে সেয়া অতি অশুভ।
৪) চৰাই যদি মূৰৰ ওপৰেৰে উৰি যায় তেন্তে সেয়া অশুভ। কিন্তু চৰাইয়ে যদি মানুহৰ ওপৰত শৌচ কৰে তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়।
৫) সোঁহাত বা সোঁ চকু কপিলে বেয়া, কিন্তু বাওঁহাত আৰু বাওঁ চকুৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত প্ৰভাৱ পৰে।
৬)ঘৰত প্ৰজাতিৰ প্ৰৱেশে ভাল খবৰ কঢ়িয়াই আনে। কিন্তু জোৰকৈ পখিলা ধৰিলে তাৰ ফল বেয়া হ’ব পাৰে ।
৭) ভুলতে কাপোৰৰ ওলোটাকৈ পিন্ধাটো অতি ভাল লক্ষণ। কিন্তু ইচ্ছাকৃতভাৱে কৰিলেহে ইয়াৰ ফলো ওলোটা হ’ব পাৰে ৷