ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি চৰ্দি আৰু কাহৰ ঘৰুৱা উপায়লৈকে নহৰুৰ উপকাৰিতা আমি সকলোৱে জানো । কিন্তু নহৰুৰ গুণগত মান আৰু ইয়াৰ বাকলিৰৰ গুণগত মান একেই হয়নে ? পুষ্টিবিদসকলে কয় যে নহৰুৰ বাকলিত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল গুণ আছে। যাৰ ফলত শৰীৰৰ উপকাৰ হয়। ইয়াৰ উপৰিও নহৰুৰ বাকলি ব্যৱহাৰ কৰি উদ্ভিদৰ বাবে পচন সাৰ তৈয়াৰ কৰিব পাৰি।
নহৰুৰ দৰে ইয়াৰ বাকলিতো ভিটামিন এ, চি, ই আৰু কেইবাটাও শক্তিশালী এন্টিঅক্সিডেন্ট থাকে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মীয়াকৈ নহৰু সেৱনে সামগ্ৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। নহৰুৰ বাকলি খালে কি কি উপকাৰ লাভ কৰিব পাৰি ?
১) হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে
নহৰুত এন্টিঅক্সিডেন্ট থাকে। ই বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে নহৰুৰ বাকলিত থকা উপাদানসমূহেও স্বাভাৱিক ৰক্তচাপ বজাই ৰখাত সহায় কৰে। নহৰুৰ দৰে বাকলিতো ‘এলিচিন’ নামৰ এবিধ পদাৰ্থ থাকে। যিয়ে হৃদযন্ত্ৰৰ পেশীৰ কাৰ্য্যক্ষমতা স্বাভাৱিক কৰি ৰাখে।
২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
নহৰুৰ বাকলিত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ পৰা জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ফলত শৰীৰৰ প্ৰদাহজনিত সমস্যা নিয়ন্ত্ৰিত হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হয়।
৩) চুলিৰ বাবেও ভাল
নহৰুৰ বাকলিত প্ৰচুৰ পৰিমাণে এন্টি-মাইক্ৰ’বিয়াল গুণ থাকে। ই মূৰৰ ছালৰ সংক্ৰমণ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও মূৰৰ ছালৰ পি এইচ ভাৰসাম্য ৰক্ষাৰ বাবে নহৰুৰ বাকলি ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ।