গৰম কমাৰ কোনো লক্ষণ নাই। বতৰ বিজ্ঞান কেন্দ্ৰই গৰম বৃদ্ধি পাব বুলি ভৱিষ্যদ্বাণী কৰিছে। প্ৰচণ্ড গৰমত সুস্থ হৈ থাকিবলৈ পানী খোৱাৰ বিকল্প নাই। যিদৰে উষ্ণতা বৃদ্ধি পাইছে, কেৱল পানী খালেই সুস্থ হৈ থকাটো সম্ভৱ নহয়। কেতিয়াবা কার্যালয়ৰ কামৰ মাজত পানী খাবলৈ আমি পাহৰি যাওঁ ৷ ফলত শৰীৰত পানীৰ অভাৱ হয়। এই অভাৱ বাঢ়ি অহাৰ লগে লগে শৰীৰটোও অসুস্থ হৈ পৰে ৷ এই গ্ৰীষ্মকালত সেই ৰিস্ক নল’লে ভাল। গতিকে ব্যস্ততাৰ মাজতো শৰীৰৰ যত্ন ল’বলৈ নাপাহৰিব। পানীৰ বিকল্প হিচাপে আপুনি কি কি খাদ্য খাব পাৰে?
দৈ
পুষ্টিবিদসকলে গৰমৰ দিনত টেঙা দৈ খাবলৈ পৰামৰ্শ দিয়ে। দৈ প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত আৰু গ্ৰীষ্মকালীন বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। দৈত থকা প্ৰ’বায়’টিক পৰিমাণো পাচনতন্ত্ৰৰ বিকাৰ দূৰ কৰাত সহায় কৰে।
ডাবৰ পানী
পুষ্টিবিদসকলে এই গ্ৰীষ্মকালত অধিক ডাবৰ পানী খোৱাৰ পৰামৰ্শ দিয়ে ৷ ডাবৰ পানীত ভিটামিন, খনিজ পদাৰ্থ আৰু ইলেক্ট্ৰলাইট প্ৰচুৰ পৰিমাণে থাকে। গৰমৰ দিনত ঘাম বেছি ওলায় । ফলত শৰীৰৰ অত্যাৱশ্যকীয় উপাদানবোৰ ঘামৰ লগত শৰীৰৰ বাহিৰলৈ ওলাই যায়। শাৰীৰিক দুৰ্বলতা দূৰ কৰিবলৈ এই পানীয় সেৱন কৰিব লাগে ৷
তৰমুজ
গৰমৰ দিনত তৰমুজ শৰীৰৰ বাবে অতি উপকাৰী ফল। তৰমুজে কেন্সাৰ, উচ্চ ৰক্তচাপ, হাৰ্ট এটেক আদি বিভিন্ন শাৰীৰিক সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰে। পেটৰ সুস্বাস্থ্য বজাই ৰখাত ইয়াৰ ভূমিকা কম নহয়। গৰমৰ দিনত সুস্থ হৈ থাকিবলৈ তৰমুজ খাব পাৰে।