ৰুটি নে ভাত? গৰমৰ দিনত কোনবিধ খাদ্যই শৰীৰক শীতল কৰি ৰাখে তাক লৈ আলোচনাৰ অন্ত নাই। বহুতে গৰমত ভাত খোৱাটোৱেই আটাইতকৈ আৰামদায়ক বুলি ভাবে। ভাতৰ ওপৰত পানী ঢালি খাবলৈও বহুতে ভাল পায়। এইটো সঁচা যে গ্ৰীষ্মকালত পইতাভাত খালে শৰীৰ শীতল হয় ৷ ৰুটি প্ৰেমীসকলেও স্বীকাৰ কৰিব। কিন্তু গৰমত ৰুটি খোৱাটোও বন্ধ নকৰিব। যিসকলে গ্ৰীষ্মকালত ভাত খোৱাৰ পক্ষপাতী, তেওঁলোকে ভাবে যে ৰুটি খালে পেটৰ গোলমাল হ’ব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত চাউল আৰু ৰুটি ইটোৱে সিটোক প্ৰতিদ্বন্দ্বিতা কৰে। চাউলত ভিটামিন বি, মেংগানিজ, আইৰণ আদি উপাদান থাকে। চাউলত মেগনেছিয়ামও থাকে। যিয়ে পেশীৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। পেশী সক্ৰিয় কৰি ৰাখে। কাৰ্বহাইড্ৰেট থকাৰ বাবে চাউলে পেটৰ যত্ন লয়। আনহাতে ৰুটিত আঁহ থাকে। যিয়ে ডায়েবেটিছ, কলেষ্টেৰল আদি ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। কিন্তু শৰীৰটো শীতল কৰি ৰাখিবলৈ কোন বেছি সক্ষম? ভাত নে ৰুটি ?
পুষ্টিবিদ সকলৰ মতে ভাত খালে শৰীৰ ঠাণ্ডা হৈ থাকিব আৰু ৰুটি খালে শৰীৰ গৰম হ’ব বুলি ধাৰণাটো একেবাৰেই শুদ্ধ নহয়। খাদ্য খোৱাটো সম্পূৰ্ণৰূপে ব্যক্তিগত পছন্দৰ ওপৰত নিৰ্ভৰ কৰে। ভাতত পানীৰ পৰিমাণ বেছি। গতিকে গ্ৰীষ্মকালত ভাত খোৱাৰ পিছত স্বাভাৱিকতে বেলেগ তৃপ্তিৰ সৃষ্টি হয়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰুটি খাব নোৱাৰি। যদি কোনোবাই ৰুটি খাই হজম কৰিব পাৰে, তেন্তে কোনো সমস্যা নাই। কোনোবাই যদি তিনি বেলা ভাত খাব বিচাৰে তেনেহ’লে খাব পাৰে। কিন্তু পাচনতন্ত্ৰৰ বিসংগতি থাকিলে ৰুটি নোখোৱাই ভাল। যদি শাৰীৰিক সমস্যা নাই, সেয়া ভাত হওক বা ৰুটি হওক – সকলোখিনি পৰিমিতভাৱে খাব পাৰি আৰু সুস্থ হৈ থাকিব পাৰি।