বহুসময়ত হঠাতে আমাক পোক-পতংগই কামোৰে ৷ কেতিয়াবা পোকবিধ বিষাক্ত নহয় বুলি আমি অৱহেলা কৰো ৷ কিন্তু ইয়াক একেবাৰে অৱহেলা কৰা উচিত নহয়। বিভিন্ন পোক-পৰুৱাৰ মুখত থকা লেলাউতি ছালৰ সংস্পৰ্শলৈ আহিলে প্ৰদাহ হ’ব পাৰে। তেতিয়া সেই ঠাইখিনি ফুলি উঠে, বিষ হয়। কামোৰা ঠাইত সংক্ৰমণ হ’লে কিছুমানৰ জ্বৰ হ’ব পাৰে।
প্ৰাথমিক চিকিৎসা
১) পোকে কামুৰিলে প্ৰথমে শৰীৰৰ সেই অংশ চাবোনেৰে ধুব লাগে।
২) বিষ বাঢ়িলে পৰিষ্কাৰ কাপোৰত বৰফ এটুকুৰা দি লগাব লাগে।
৩) প্ৰথম অৱস্থাত মইশ্ব’ৰাইজাৰ, এন্টিচেপ্টিক কামোৰা ঠাইত লগাব পাৰে।
কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে?
প্ৰথম চিকিৎসাৰ পিছত খজুৱতি আৰু বিষ কমি নাযায় তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাব লাগে। চিকিৎসকৰ মতে পোক-পৰুৱাৰ কামোৰাৰ এলাৰ্জী অতি সাধাৰণ। কামোৰা ঠাইত খজুৱতি হোৱাৰ লগতে খজুৱতি হ’ব পাৰে।
সাধাৰণতে এন্টি এলাৰ্জী ঔষধ প্ৰেছক্ৰিপচন কৰা হয়। ঘাঁত ব্যৱহাৰৰ বাবে মলম দিয়া হয়। কিন্তু জ্বৰ, উশাহ-নিশাহৰ কষ্ট, বা অধিক গুৰুতৰ সমস্যা হ’লে এন্টিবায়টিকৰ প্ৰয়োজন হ’ব পাৰে।
সাৱধনতা
যিকোনো ব্যক্তিয়ে ঘৰত বা বাহিৰত পোক-পৰুৱাৰ কামোৰ খাব পাৰে, আনকি ভ্ৰমণৰ সময়তো। বিশেষকৈ বনাঞ্চলত। বেছিভাগ সময়তে কোনটো পোকে কামুৰিছে সেয়াও জনা নাযায়। কেৱল জ্বলা-পোৰা অনুভৱ কৰা হয়। সেইবাবেই কাপোৰ –জোতা আদি পিন্ধাৰ সময়ত সাৱধান হ’ব লাগে ৷
বনাঞ্চলত যাত্ৰা কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ লগতে টুপী, ভাল জোতা, সম্পূৰ্ণ হাতৰ কাপোৰ পিন্ধিব লাগিব। বনাঞ্চলত সকলো সময়তে মোজা আৰু জোতা পিন্ধিব লাগে।