পুৱাৰ আহাৰত কি খাব লাগে? বেছিভাগ হয় ওটচ বা ডালিয়া গ্ৰহণ কৰে ৷ দুয়োবিধ খাদ্যতে ফাইবাৰৰ পৰিমাণ বেছি। ওটছ আৰু ডালিয়াত কেইবাটাও প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। অৱশ্যে পুষ্টিবিদসকলে ডালিয়াতকৈ ওটছ অধিক সুষম বুলি কয়। কিয়?
পুষ্টিৰ গুণগত মান কোনবিধৰ বেছি ?
১) অটচত ডালিয়াতকৈ বহু বেছি ফাইবাৰ থাকে। অটচত বিটা-গ্লুকেন থাকে। এই উপাদানটোৱে তেজৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
২) অটচত এন্টিঅক্সিডেন্ট থাকে, যিবোৰে প্ৰকৃততে এন্টি-ইনফ্লেমেটৰী হিচাপে কাম কৰে। ইয়াৰ উপৰিও হৃদযন্ত্ৰৰ পেশীৰ সঠিক কাম-কাজৰ যত্ন লয়।
৩)ডায়েবেটিছ ৰোগীৰ খাদ্যাভ্যাসৰ বিভিন্ন বাধা থাকে। গ্লাইচেমিক ইনডেক্স কম থকা খাদ্য খাবলৈ পুষ্টিবিদসকলে পৰামৰ্শ দিয়ে। ডালিয়াতকৈ ওটছৰ গ্লাইচেমিক ইনডেক্স কম আৰু কেলৰিৰ পৰিমাণ কম।