ভালকৈ ৰন্ধা বঢ়া কৰিলেও বহু শিশুৱে একো খাবলৈ মন নাযায়। বহুতে মোবাইলত আমোদজনক ভিডিঅ’ দেখুৱাই শিশুক খুৱাবলৈ যত্ন কৰে ৷ তৎসত্বেও যেন শিশুটিৰ খাদ্যৰ প্ৰতি কোনো আগ্ৰহ গঢ় লৈ নুঠে ৷ খাদ্যৰ প্ৰতি শিশুৰ আগ্ৰহ কেনেকৈ গঢ়ি তুলিব পাৰি?
১) শিশুৱে কেনেধৰণৰ খাদ্য খাবলৈ ভাল পায় প্ৰথমে সেয়া জানি লওক। আপুনি ভাল পোৱা খাদ্যই শিশুটিয়ে খাবলৈ ইচ্ছা কৰিব বুলি ভবাটো ভুল ৷ অৱশ্যে প্ৰটিন, ভিটামিন, বিভিন্ন খনিজ পদাৰ্থ যাতে আপোনাৰ শিশুটিয়ে লাভ কৰে তাৰ প্ৰতি ধ্যান ৰাখক ৷
২)শিশুৱে খাবলৈ মন নকৰিলে জোৰকৈ খুৱাব নালাগে। নিজে খোৱাৰ সময়ত শিশুটিক লগত বহুৱাই লোৱাৰ অভ্যাস কৰক ৷ শিশুটিক হাতেৰে খাবলৈ শিকাওক।
৩) খাদ্য খোৱাৰ সময়ত শিশুৰ চকুৰ সন্মুখত টিভি বা মোবাইল নাৰাখিব। বৰঞ্চ তেওঁলোকৰ লগত বিভিন্ন ধৰণে কথা পাতিব। খাবলৈ দিয়া খাদ্য আৰু ইয়াৰ পুষ্টিকৰ গুণৰ বিষয়ে আলোচনা কৰিব পাৰে । গোটেই দিনটো তেওঁ কি কৰিছিল, কাৰ লগত খেলা-ধূলা কৰিছিল সেই বিষয়বোৰক লৈ শিশুটিৰ লগত কথা পাতক ৷
৪) শিশুটিক খোৱা সহজ কৰি দিবলৈ বহু সময়ত মাতৃয়ে দাইল, ভাত আৰু তৰকাৰী একেলগে মিহলাই দিয়ে ৷ এনেদৰে দিলে খাদ্যৰ প্ৰতি শিশুৰ আকর্ষিত নহ’বও পাৰে ৷ তাৰ পৰিৱৰ্তে প্লেটত সকলো ধৰণৰ খাদ্য অলপ অলপকৈ সজাই লওক। দেখিবলৈ ভাল লাগিব আৰু বিভিন্ন ধৰণৰ খাদ্য খোৱাৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিব।
৫) যদি আপুনি আপোনাৰ সন্তানক খাদ্যৰ প্ৰতি আগ্ৰহী কৰি তুলিব বিচাৰে তেন্তে আৰম্ভণিৰে পৰাই শিশুটিক নিজৰ লগত ৰাখক। বজাৰ-সমাৰ কৰা, শাক-পাচলি কটা, ৰন্ধা-বঢ়া, প্লেটত সজোৱা, টেবুলত পৰিবেশন কৰালৈকে সমগ্ৰ প্ৰক্ৰিয়াটোত শিশুটিক জড়িত কৰক। আপুনি দেখিব যে খাদ্যৰ প্ৰতি লাহে লাহে শিশুটিৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিছে ৷