শৰীৰৰ বাবে প্ৰ’টিন অতি উপকাৰী ৷ বিশেষকৈ ওজন কমাবলৈ চেষ্টা কৰাসকলৰ বাবে প্ৰটিন অত্যন্ত প্ৰয়োজনীয় ৷যেতিয়া শৰীৰত প্ৰটিনৰ অভাৱ হয় তেতিয়া চেষ্টাৰ পিছতো ওজন কমাব পৰা নাযায়। প্ৰটিনৰ ওজন কমোৱাত সহায় কৰাৰ উপৰিও আন বহুতো উপকাৰ আছে। প্ৰটিন মানে স্বাস্থ্য। শৰীৰৰ অন্যান্য সমস্যা সমাধানতো প্ৰটিন অতি উপযোগী। মাছ আৰু মাংসত প্ৰটিনৰ পৰিমাণ বেছি। কিন্তু প্ৰতিদিনে মাংস আৰু মাছ খোৱাটো ভাল নহয়। গতিকে প্ৰটিন থকা আন খাদ্য খাওক। ইয়াত কিছু খাদ্য সামগ্ৰীৰ বিষয়ে উল্লেখ কৰা হৈছে।
কুইনোয়া
প্ৰটিন সমৃদ্ধ এটা উপকাৰী খাদ্য হ’ল কুইনোয়া। প্ৰটিনৰ পৰিমাণ বেছি হোৱাৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। খাদ্যত কুইনোয়াক ওটছ, ডালিয়াৰ সৈতেও ৰাখিব পাৰে। ই আপোনাৰ ওজন সোনকালে কমোৱাত সহায় কৰিব।
পনিৰ
নিৰামিষ খাদ্যৰ প্ৰটিনযুক্ত খাদ্যসামগ্ৰীৰ অন্যতম হৈছে পনিৰ। এই দুগ্ধজাত খাদ্য আপুনি আপোনাৰ খাদ্য তালিকাত সহজেই ৰাখিব পাৰে। প্ৰটিনৰ উপৰিও পনিৰত কেলচিয়ামও থাকে। যিয়ে শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰি ৰখাত সহায় কৰে। লগতে হাড়ৰ যত্ন লয়।
দাইল
দাইল খালে ওজন কমাব পৰা যায়। কাৰণ মগু, মচুৰকে ধৰি সকলো ধৰণৰ দাইলত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। এই কাৰণেই পুষ্টিবিদসকলে স্লিমিং ডায়েটত দাইল খোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও দাইলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।