আমাৰ দৈনন্দিন কামবোৰৰ ভিতৰত আমাৰ অজানিতে কিছুমান ভুল হৈ যায়। তাৰ ফলত আমি ক্ষতিগ্ৰস্ত হওঁ। বাস্তুশাস্ত্ৰ অনুসৰি – বাথৰুমত ভুলতেও এই কামবোৰ কৰিব নালাগে , নহ’লে ঘৰৰ পৰা লক্ষ্মী আঁতৰি যায়। জানো আহকচোন – বাথৰুমত কোন বিলাক কাম কৰিব নাপায়।
১) আমি কেতিয়াবা লৰা-লৰিতে হওঁক বা পানীৰ দাগ বহে বুলি ভাবিয়ে হওঁক বাথৰুমৰ বাল্টিত পানী নথৈ খালি কৰি থৈ দিও। বাস্তুশাস্ত্ৰ মতে বাথৰুমত খালি বাল্টি ৰাখিলে লক্ষ্মীদেৱী ৰুষ্ট হয় আৰু ঘৰত অৰ্থৰ অভাৱ হয়।
২) বাথৰুম পৰিস্কাৰ কৰিবলৈ বহুতেই ঝাৰু এদাল বাথৰুমত থৈ দিয়ে। বাস্তুশাস্ত্ৰ অনুসৰি এনে কৰিলে লক্ষ্মী আঁতৰি যায়। গতিকে ঘৰৰ উন্নতিৰ বাবে এনে কাৰ্য কৰিব নালাগে।
৩) বাথৰুমৰ দুৱাৰ কেতিয়াও খুলি থব নালাগে। বাস্তু শাস্ত্ৰ মতে এনে অভ্যাসে ঘৰত বিপদ মাতিব পাৰে। বিজ্ঞান মতেও এয়া উচিত নহয়। বাথৰুমৰ বেয়া গন্ধৰ লগত জীবানু ঘৰত প্ৰবেশ কৰিব পাৰে আৰু ঘৰৰ পৰিবেশ নষ্টও কৰে।
৪) বাথৰুম সদায় পৰিস্কাৰ কৰি ৰাখিব লাগে আৰু ৰদ পৰা হ’ব লাগে। ইয়াৰ ফলত লক্ষ্মীদেৱী সন্তুষ্ট হয় আৰু ঘৰৰ সমৃদ্ধি হয়।
৫) বাস্তু শাস্ত্ৰ অনুসৰি বাথৰুমৰ কমোডৰ ঢাকনি বন্ধ কৰি থোৱা উচিত। কমোডৰ ঢাকনি খুলি থলে লক্ষ্মীদেৱীৰ খং উঠে আৰু ঘৰৰ পৰা ওলাই যায়।
৬) ঘৰৰ ঈশান কোণত কমোড বা প্যেন বহাব নালাগে। ঘৰ বনোৱাৰ আগতে এই কথাটো চিন্তা কৰা উচিত। ঈশান কোনত বাথৰুম থাকিলে ঘৰৰ বিষ্ণু দেৱতা ৰুষ্ট হয় আৰু তেনে ঘৰত লক্ষ্মী দেৱীৰ আগমন নহয়।