সুমথিৰা যেনেকৈ উপকাৰী তেনেদৰে সুমথিৰাৰ গুটিও বহুত উপকাৰী। গুটি আঁতৰাই সুমথিৰা খোৱা হয় যদিও কেতিয়াবা গুটিও পেটলৈ গুচি যায়। গুটিবোৰ আমি পেলাই দিও যদিও এই গুটিবোৰতো আছে উপকাৰীতা। জানো আহকচোন সুমথিৰাৰ গুটিৰ বিষয়ে–
১) সুমথিৰাৰ গুটিত প্ৰচুৰ পৰিমাণে থাকে এণ্টি-অক্সিডেণ্ট। শৰীৰৰ টক্সিনক বাহিৰ কৰি দিয়াত সহায় কৰে এই এণ্টি অক্সিডেণ্টে।
২) জলবায়ু পৰিবৰ্তনত জ্বৰ-সৰ্দি হ’লে সুমথিৰাৰ গুটি খোৱা ভাল।
৩) কেক বনাওতে সুমথিৰাৰ গুটিৰ তেল ব্যৱহাৰ কৰিলে বহুত সোৱাদ হয়।
৪) সুমথিৰাৰ গুটি সোৱাদময় হোৱাৰ লগতে সাস্থ্যকৰো। শীতৰ দিনত সুমথিৰাৰ ৰসৰ লগত গুটি থেতেলিয়াই খালে উপকাৰ পোৱা যায়।
৫) সুমথিৰাৰ গুটিৰ তেল চুলিৰ বাবে উপকাৰী। কণ্ডিছনাৰৰ বাবে অতি উত্তম।
৬) সুমথিৰাৰ গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন চি’ থাকে। ছাল আৰু চুলিৰ যত্নৰ বাবে সুমথিৰাৰ গুটি অতি উপকাৰী।
৭) মুখৰ ছালত দাগ হ’লে সুমথিৰাৰ গুটি পিহি লগালে দাগ ভাল হয়।