কাৰোবাৰ লগত কথা পাতি থকা সময়ত সেই মানুহ জনে হামিয়ালে বা একেলগে ওচৰা ওচৰিকৈ বহি থাকিলে কোনোবা এজনে যদি হামিয়াই আন জনৰো হামি আহি যায়। কিয় এনে হয় জানেনে বাৰু ? বৈজ্ঞানিক সকলৰ মতে , এই ধৰণে হামিওৱাৰ কাৰণ হ’ল শৰীৰত মিৰৰ নিউৰোনেৰ উপস্থিতি। বহুত সময়ত দেখা যায় য়ে কাৰোবাক আঘাত কৰিলে শাৰীৰিক ভাৱে নহ’লেও মানসিক ভাৱে কষ্ট অনুভৱ হয়।
মনো বিজ্ঞানী সকলৰ মতে , মানুহ আচলতে সামাজিক প্ৰাণী। অকলশৰে থকাতকৈ দল বান্ধি থাকিবলৈ পচন্দ কৰে। আৰু সেইবাবে দলবদ্ধ ভাৱে চিন্তা-ভাৱনা কৰি কাম কৰিবলৈ ভাল পায়। সাধাৰণতে আমি যেতিয়া ক্লান্ত হৈ পৰো বা একঘেয়ামী হৈ পৰো তেতিয়া মস্তিষ্কৰ তাপমাত্ৰা বাঢ়ি যায়। আৰু যেতিয়া আমি হামি মাৰো তেতিয়া মস্তিষ্কৰ তাপমাত্ৰা কমি যায়। হামিয়ালে মস্তিষ্কৰ তেজ চলাচল বৃদ্ধি হয় আৰু মস্তিষ্ক কাৰ্যক্ষম হৈ উঠে। আনক অনুসৰণ কৰি আমি মস্তিষ্কক কাৰ্যক্ষম কৰিবলৈ চেষ্টা কৰো।