কিছুমান খাদ্যবস্তু কাজুৰ অবিহনে সোৱাদে পূৰ্ণতা নাপায়। কিন্তু কাজু অকল সোৱাদৰে ভৰাই নহয় কাজু পুষ্টি গুণ সম্পন্ন হোৱাৰ বাবেও কাজু খোৱা প্ৰয়োজন। কাজু বাদামত খনিজ পদাৰ্থৰ উপৰিও প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। জাঁনো আহকচোন কাজু বাদামত থকা পুষ্টিকৰ উপাদান সমূহৰ বিষয়ে—-
১) মেগেছিয়াম :-
মেগনেছিয়ামে শৰীৰৰ পেশী সমূহক শক্তিশালী কৰাৰ উপৰিও স্নায়ুৰ ক্ৰিয়া স্বাভাৱিক ৰখাত সহায় কৰে। আমাৰ শৰীৰত প্ৰতিদিনে ৫০০/৬০০ মিলিগ্ৰাম মেগনেছিয়ামৰ প্ৰয়োজন। কাজু বাদামত যথেষ্ট পৰিমাণে মেগনেছিয়াম থাকে গতিকে নিয়মিত কাজু খালে মেগনেছিয়ামৰ চাহিদা পুৰণ হোৱাত সহায়ক হয়।
২) কলেষ্ট্ৰেৰল :-
অস্বাস্থ্যকৰ তেলত ৰান্ধা খাদ্য খালে তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি থাকে। বেয়া কলেষ্টেৰলে হৃদৰোগৰ আশংকা বঢ়ায়। কাজু বাদামে তেজত থকা বেয়া কলেষ্টেৰল কমোৱাত সহায় কৰে আৰু কাজু বাদামত থকা ওলেইক এছিদে হৃদ যন্ত্ৰ ভালে ৰাখে।
৩) ছোডিয়াম/ পটাছিয়াম :-
কাজু বাদামত ছোডিয়ামৰ পৰিমাণ কম আৰু পটাছিয়ামৰ পৰিমাণ বেছি থকাৰ কাৰণে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
৪) জিংক :–
জিংক শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এক গুৰুত্বপূৰ্ণ অংশ। কাজু বাদামত প্ৰচুৰ পৰিমাণে জিংক থাকে। নিয়মিত কাজু খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যোৱাৰ লগতে শীতৰ দিনত হোৱা একাধিক ৰোগৰ পৰাও মুক্তি পোৱা যায়।
৫) কপাৰ :-
কাজু বাদামত উচ্চমাত্ৰাত কপাৰ থাকে। কপাৰ শৰীৰৰ উৎসেচক , হৰমন আৰু মগজুৰ কাম ঠিক ৰখাত সহায় কৰে। গতিকে কাজু বাদাম নিয়মিত খালে হৰমন আৰু উৎসেচকেৰ উৎপাদন ঠিক থাকে।
এইবিলাক পুষ্টিকৰ উপাদান থকাৰ বাবে বিশেষজ্ঞ সকলে নিয়মিত ভাবে কাজু খাবলৈ পৰামৰ্শ দিয়ে।