আজিকালি বয়স বুলি কথা নাই। বেছি ভাগৰে অতি কম বয়সতে চুলি পকা দেখা যায়। পৰিবেশদূষণ , খোৱা -বোৱা , অত্যাধুনিক লাইফ-ষ্টাইল আদিৰ বাবে কম বয়সত লৰা- ছোৱালীৰ চুলি পকিবলৈ ধৰে। এনে অৱস্থাত আমি হতাশাগ্ৰস্ত নহৈ বা চুলিত ৰং নকৰি কেনেকৈ আমি চুলিৰ ৰং ঘূৰাই আনিব পাঁৰো তাৰ প্ৰতি যত্নবান হ’ব লাগে। চুলিৰ মেলানিনেৰ পৰিমাণ কমি গলেও চুলি ক’লা ৰঙৰ পৰা বগা ৰং ধৰিবলৈ ধৰে। প্ৰাকৃতিক ভাবে চুলিৰ যত্ন লোৱাৰ উপৰিও আমি খোৱা খাদ্যৰ দ্বাৰাও চুলিৰ যত্ন ল’ব পাঁৰো আৰু চুলিকোছা নপকাকৈ ধুনীয়া কৰি ৰাখিব পাঁৰো।
কাল’জিৰাত আছে এণ্টিহিষ্টামিন আৰু এণ্টিফাঙাল উপাদান। এই উপাদান সমূহ চুলিৰ কাৰণে অত্যন্ত উপকাৰী। প্ৰতিদিনে ভাত সাজৰ লগত যদি কাল’জিৰাৰ পিতিকা খোৱা হয় নিশ্চয় চুলিৰ অকালপক্কতা ৰোধ হ’ব বা চুলিৰ হেৰাই যোৱা ৰং পুনৰ ঘূৰি আহিবলৈ সক্ষম হ’ব।