খালী পেটত ফলমূল খোৱাটো ভাল অভ্যাস নহয়। সেইবাবেই সাধাৰণতে পুষ্টিবিদসকলে পুৱা শুই উঠাৰ পিছতেই ফল খোৱাৰ পৰামৰ্শ নিদিয়ে। কাৰণ ফল-মূলত বিভিন্ন এচিড থাকে। যিবোৰে আচলতে খাদ্য হজম কৰাত সহায় কৰে। ইয়াৰ পিছতো বহু লোকে লাভৰ আশাত ৰাতিপুৱা খালী পেটত পকা অমিতা খায়। সঁচাকৈয়ে ই উপকাৰ কৰেনে? খালী পেটত পকা অমিতা খোৱাটো কোনো কাৰণতে ভাল নহয় বুলি পুষ্টিবিদসকলে কয়। কাৰণ, অমিতাত থকা পেপচিন আৰু পেপেইন এনজাইমবোৰ পাচনত সহায়ক। গতিকে খালী পেটত অমিতা খালে পেটত বিভিন্ন জটিলতাৰ সৃষ্টি হয়।
খালী পেটত পকা অমিতা খালে কিবা সমস্যা হব পাৰে?
১) কেৰটিনেমিয়া
বেছিকৈ অমিতা খালে তেজত বিটা-কেৰটিনৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ফলত ছালৰ ৰং সলনি হ’ব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘কেৰ’টেনেমিয়া’ বুলি কোৱা হয়।
২) পেটৰ সমস্যা
কোষ্ঠকাঠিন্যৰ সমস্যাত অমিতা বহুত ভাল । কিন্তু বেছিকৈ অমিতা খালে ডায়েৰিয়াৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৩)বৃক্কৰ পাথৰ
অমিতাত ভিটামিন চিৰ পৰিমাণ বেছি। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ভিটামিন চি গুৰুত্বপূৰ্ণ। অৱশ্যে ইয়াক পৰিমিতভাৱে খাব লাগে। অতিমাত্ৰা অমিতা খালে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।