গভীৰ ৰাতি শুই থকা অৱস্থাত কেতিয়াবা ভৰিৰ মাংসপেশী টান মাৰি ধৰাৰ ফলত আমাৰ টোপনি ভাগি যায়। অসহ্য যন্ত্ৰনাত আমি ভৰিখন লৰচৰ কৰিব নোৱাৰা হৈ যাওঁ। অকল শুই থকা সময়তে নহয় যি কোনো মূহুৰ্তত থিয় হৈ কাৰোবাৰ লগত কথা পাতি থাকোতে বা টেবুলত ভাত খাই থকাৰ সময়ত নতুবা বিশ্ৰাম লৈ থকাৰ সময়তো আমাৰ ভৰিৰ শিৰা টানি ধৰিব পাৰে।
শৰীৰত পটাছিয়াম , পানী , প্ৰোটিন , ভিটাভিন ডি’ , আৰু কেলছিয়ামৰ অভাৱ হ’লে এনে ধৰণৰ সমস্যাই দেখা দিয়ে। এনে সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ আমি খাদ্য তালিকাত পটাছিয়াম , মেগনেছিয়াম , প্ৰোটিন , ভিটামিন ডি’ ফাইবাৰ আৰু কেলছিয়াম যুক্ত খাদ্য ৰাখিব লাগে।
ইয়াৰ উপৰিও প্ৰতিদিনে – কল , সাধাৰণ আলু , মিঠা আলু , কোমোৰা , উৰহী , গাজৰ , মটৰ মাহ আদিৰ দৰে খাদ্য খোৱা অতি প্ৰয়োজন।
ভৰিৰ শিৰা টানি ধৰা সমস্যাৰ লগত ডিহাইড্ৰেট সমস্যাও জৰিত হৈ থাকিব পাৰে। সেইবাবে শৰীৰক সকলো সময়তে হাইড্ৰেট ৰাখিবলৈ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ প্ৰয়োজনীয়তা আছে বুলি বিশেষজ্ঞ সকলে জানিবলৈ দিছে।