বাহিৰৰ ধূলি-বালি , ৰদ , প্ৰদূৰ্ষণ আদিয়ে ছালৰ যথেষ্ট ক্ষতি কৰে। যত্নৰ অভাৱ বা সঠিক খাদ্যৰ অভাৱত ধুনীয়া মুখ খনৰ উজ্বলতা হেৰাই যাব পাৰে। যত্নৰ উপৰিও খোৱা খাদ্যৰ যোগেদিয়েও ৰঙৰ উজ্বলতা ঘুৰাই আনিব পাৰো। জাঁনো আহকচোন কোনবোৰ খাদ্য খোৱা উচিত—
১) বিভিন্ন শাক-পাচলি , আৰু ফলৰ জুচ আদিয়ে ছালৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে। এইবোৰ প্ৰস্তুত কৰা অতি সহজ আৰু বহু সময় ধৰি পেট ভৰি থকা বাবে অন্যান্য মুখৰোচক খাদ্য খোৱাৰ প্ৰৱনতা কমি যায়। কমলাৰ জুচ , ডালিমৰ জুচ বা তিঁয়হ , বীট আদি খাবলৈ সোৱাদ হোৱাৰ লগতে স্বাস্থ্য আৰু ছালৰ কাৰণে অতি উপকাৰী।
২) সেউজীয়া শাক-পাচলি ছালৰ কাৰণে উপযোগী। এই ধৰণৰ শাক-পাচলিত ভিটামিন এ’ , জিঙ্ক , আয়ৰন , পটাছিয়াম , মেগনেছিয়াম আদি বিভিন্ন পুষ্টি উপাদান নিহিত হৈ থাকে। এইবোৰে শৰীৰৰ আভ্যন্তৰীন প্ৰক্ৰিয়াক পৰিষ্কাৰ কৰি ৰাখে। পালেংশাক , ব্ৰোকলি , পিঁয়াজৰ পাত , তিঁয়হ আদিয়ে শৰীৰত অক্সিজেন যোগান ধৰাত সহায় কৰে। এই ধৰণৰ শাক-পাচলি প্ৰতিদিনৰ খাদ্য তালিকাত থাকিলে গাৰ ৰঙৰ সৌন্দৰ্য বৃদ্ধি পায়।
৩) ড্ৰাইফ্ৰুটছ যেনে বাদাম , কিচমিচ , খেজুৰ , আখৰূট , কাজু আদি স্বাস্থ্য আৰু ছালৰ বাবে উপকাৰী। ড্ৰাই ফ্ৰুটছত প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল থকাৰ উপৰিও থাকে এণ্টি অক্সিডেণ্ট। যিয়ে ছালক ফ্ৰি ৰেডিকেলৰ পৰা মুক্ত কৰি ৰাখে। এই ধৰণৰ খাদ্যই কলাজেন বৃদ্ধি কৰে আৰু ছালৰ সৌন্দৰ্য বৃদ্ধি হয়। প্ৰতিদিনে এই ধৰণৰ খাদই ছাল আৰু ৰঙ সুন্দৰ কৰি তোলে।
৪) নেমু আৰু আদাই শৰীৰ সুন্দৰ কৰি ৰখাত সহায় কৰে। নেমুৱে শৰীৰৰ টক্সিন বাহিৰ কৰি ছালক সুন্দৰ কৰাত সহায় কৰাৰ লগতে হজমৰ সমস্যাও দূৰ কৰে। আনহাতে আদা এণ্টিঅক্সিডেণ্টৰে ভৰপূৰ আৰু ৰক্ত সঞ্চালন বৃদ্ধি কৰে। যাৰ ফলত স্বাস্থ্য সন্মত ছাল আৰু উজ্বল ৰঙৰ অধিকাৰী হ’ব পাৰি।
৫) ভিটামিন চি’ যুক্ত ফল ছাল সুস্থ কৰি ৰখাত বহুত উপকাৰী। কমলা ,আপেল , তৰমুজ, ষ্ট্ৰ’বেৰী আদিয়ে শৰীৰক হাইড্ৰেট কৰা আৰু ছালক কোমল আৰু সতেজ কৰি ৰখাত সহায় কৰে। ছালৰ উজ্বলতা বঢ়াবলৈ হ’লে এই ফল বিলাক প্ৰতিদিনে খাদ্যৰ তালিকাত থকা উচিত।