দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত বহুতৰে টোপনিয়ে আগুৰি ধৰে। দিনৰ ভাগত টোপনি যোৱাটো স্বাস্থ্যৰ বাবে ভাল নহয় তাৰোপৰি সকলোৰে বাবে সম্ভৱো নহয়। বিশেষকৈ কামৰ মাজত টোপনিৰ ভাব আহি থাকিলে কামত মনোযোগ দিয়াত অসুবিধা হয়। বিশেষকৈ অফিচত থকা সময়ত কামৰ মাজে মাজে টোপনিৰ ভাব অহাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক—
১) অতিৰিক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। পেট যিমানেই ভৰি থাকিব সিমানেই টোপনিৰ ভাব বেছি হ’ব। ভোক নিবাৰণৰ কাৰণে অলপ পৰিমাণে খাদ্য গ্ৰহণ কৰা উচিত।
২) খাদ্য গ্ৰহণৰ পিছত পানী খাব লাগে। শৰীৰত যিমান হাইড্ৰেট থাকিব সিমানে ক্লান্তি বোধ কম হ’ব। আৰু তাৰ ফলত টোপনিৰ ভাব নাইকিয়া হয়।
৩) দুপৰীয়া কাৰ্বোহাইড্ৰেট জাতীয় খাদ্য বেছি খাব নালাগে। প্ৰ’টিন , আয়ৰণ থকা খাদ্য বেছিকৈ খালে টোপনিৰ ভাব নোহোৱা হয়।
৪) যদি বহুত বেছি টোপনিৰ ভাব আহি থাকে তেনেহ’লে আহাৰ গ্ৰহণৰ ১৫ মিনিট পিছত কিছু সময় খোজ কাঢ়িলে টোপনি আঁতৰি যায়।
৫) যদি সম্ভৱ হয় কামৰ মাজত ১০/১৫ মিনিট শুই ল’ব লাগে। তেনেহ’লে গোটেই সময় খিনি টোপনিৰ ভাবে নষ্ট কৰিব নোৱাৰিব।
৬) টোপনিৰ কাৰণে এটা নিৰ্দিষ্ট সময় ঠিক কৰি ল’ব লাগে। সেই অনুসৰি সদায় এটা সময়ত টোপনি যোৱা আৰু একেটা সযয়ত টোপনিৰ পৰা উঠাৰ অভ্যাস কৰিব লাগে। যদি ৮ ঘণ্টামান টোপনি হয় তেনেহ’লে দুপৰীয়া টোপনিৰ ভাব নাহিব।
৭) ৰাতিপুৱা চেনিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। চেনিযুক্ত খাদ্যই তাৎক্ষণিক ভাবে এনাৰ্জি দিলেও কিছু সময়ৰ পিছত বহুত বেছি ক্লান্ত কৰি তোলে। আৰু দুপৰীয়া হ’লেই এই ক্লান্তি বা ভাগৰৰ বাবে টোপনিৰ ভাব আহি থাকে।