খাদ্য ঠাণ্ডা হওক বা গৰম হওক, বহুতে দাঁতৰ সিৰসিৰনিৰ বাবে খাদ্য বাছনিৰ বিষয়ে চিন্তা কৰিবলগীয়া হয়। আমি প্ৰথমতে এই দাঁতৰ গুৰিৰ সিৰসিৰনিৰ সমস্যাটোৰ প্ৰতি বিশেষ গুৰুত্ব নিদিওঁ ৷ কিন্তু এই অৱহেলাই ইয়াক গুৰুতৰ কৰি তুলিব পাৰে ৷
দাঁতৰ সিৰসিৰনি কেতিয়াও অৱহেলা কৰা উচিত নহয়। দাঁতৰ গুৰিত বিভিন্ন সমস্যাৰ বাবে এই বিকাৰ আৰম্ভ হয়। আমাৰ দৈনন্দিন জীৱনৰ কেইবাটাও ভুলে এই সমস্যা আৰু অধিক বৃদ্ধি কৰে। নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ লৈ এই সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ। চিকিৎসাৰ দ্বাৰা এই সমস্যা নিয়ন্ত্ৰণ কৰিব পৰা যায়। যিমান সোনকালে গুৰুত্বসহকাৰে যত্ন ল’ব সিমানেই সুফল লাভ কৰিব।
বহুতে বিভিন্ন টুথব্ৰাছ, টুথপেষ্ট আৰু মাউথৱাছ সলনি কৰি এই সমস্যাৰ পৰা মুক্তি পাব বিচাৰে। অৱশ্যে সদায় ইয়াৰ সমাধান নহয়। ডাক্তৰৰ ওচৰলৈ যোৱাৰ উপৰিও ঘৰতে অতিৰিক্ত দন্ত পৰিচর্যা কৰিব পাৰে ৷ কিছুমান ঘৰুৱা উপায় অনুসৰণ কৰক, যিয়ে আপোনাক দাঁতৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে।
মৌ আৰু নিমখ: এগিলাচ গৰম পানীত এচামুচ মৌ আৰু অলপ নিমখ মিহলাই লওক। ৰাতিপুৱা মুখ ধুই এই পানীৰে গাৰ্গল কৰক। পানীখিনি কিছু সময় মুখত ৰাখি তাৰ পিছত পেলাই দিব।
নিমখীয়া পানী: মৌ অবিহনে কেৱল নিমখেও সকাহ দিব পাৰে ৷ নিমখীয়া পানী দাঁতৰ বাবে অতি উপকাৰী। নিমখীয়া পানীত দুবাৰকৈ কুলকুলি কৰিব । ই দাঁতৰ মাজত লাগি থকা খাদ্য পৰিস্কাৰ কৰে ৷লগতে দাঁতৰ সৰু সৰু সমস্যাৰ লগতে সিৰসিৰনি সমস্যাও দূৰ হয়।
লং তেলঃ দাঁতৰ গুৰিত লং তেল প্ৰয়োগ কৰিলে বিশেষ উপকাৰ পোৱা যাব। ইউজেনল থকা বাবে ই দাঁতৰ বিষৰ পৰা উপশম দিয়ে। গ্ৰীণ টিত লং মিহলাই সেই মিশ্ৰণটো গাৰ্গলিংৰ বাবেও ব্যৱহাৰ কৰিব পাৰে।