টোপনি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। টোপনি ঠিকমতে নহ’লে বহুতো সমস্যাই দেখা দিব পাৰে। সেয়েহে প্ৰতিজন মানুহৰ নিৰ্দিষ্ট সময় অনুযায়ী টোপনি যোৱা উচিত। টোপনি যোৱাৰ ফলত আমি শাৰীৰিক আৰু মানসিক ভাৱে যথেষ্ট সক্ৰিয় হৈ যাওঁ। যদি আমাৰ টোপনি ঠিক মতে নহ’য় তেনেহ’লে পিছদিনা আমাৰ কাম কৰিবলৈ মন নাযায় আৰু বহুতো সমস্যাৰ সন্মুখীন হওঁ। ভিটামিনৰ অভাৱৰ কাৰণেও কেতিয়াবা আমাৰ টোপনি নহ’ব পাৰে। আমাৰ শৰীৰৰ বাবে ডি ভিটামিন আৰু ভিটামিন বি ৬ অতি প্ৰয়োজনীয়।
১) ভিটামিন ডি’ কম থাকিলে টোপনি নহ’য়—-
টোপনি নহাৰ এটা অন্যতম কাৰণ হ’ল শৰীৰত ডি’ ভিটামিনৰ অভাৱ। ভিটামিন ডি’ এ শৰীৰক জিৰণী লোৱাত সহায় কৰে। ডি’ ভিটামিনৰ অভাৱ হ’লে দেহত বহুতো গুৰুতৰ বেমাৰ হয়। তাৰোপৰি বহুতৰ টোপনিও নহয়। এনেকুৱা পৰিস্থিতিত ডক্টৰৰ পৰামৰ্শ লৈ ডি’ভিটামিন খোৱা উচিত। মাছ , কণী ,গাখীৰত প্ৰচুৰ পৰিমাণে ডি’ ভিটামিন পোৱা যায়।
২) ভিটামিন বি৬ কম থাকিলে টোপনি নহয়——-
ভিটামিন বি৬ খুবেই দৰকাৰী এক ভিটামিন। এই ভিটামিন শৰীৰত পৰ্যাপ্ত পৰিমাণে থকা দৰকাৰ। ভিটামিন বি৬ কম থাকিলে শৰীৰত মেলাটোনিন ও সেৰোটনীন কমকৈ ওলায়। এই দুই হৰ’মন সঠিক ভাৱে থাকিলে টোপনি ভালকৈ হয় নহ’লে বহুতো সমস্যাই দেখা দিয়ে। চিকেন , গাখীৰ , মাছ আদিত প্ৰচুৰ পৰিমাণে ভিটামিন বি৬ পোৱা যায়।
ইয়াৰ বাহিৰেও টোপনি নোহোৱাৰ কাৰণ আৰু বহুতো থাকিব পাৰে। নিয়মিত টোপনি নহ’লে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।